নলবাৰী

নলবাৰীৰ কন্দৰ্প কুমাৰ দাসক কাব্য প্ৰভাকৰ বঁটা প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ সাহিত্য, সাংস্কৃতিক অনুষ্ঠান ৰাইটাৰ্ছ ফ'ৰাম, অসমৰ উদ্যেগত দেওবাৰে ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত নলবাৰীৰ বিশিষ্ট কবি কন্দৰ্প কুমাৰ দাসক বৰ্ষশ্ৰেষ্ঠ কাব্য প্ৰভাকৰ বঁটা প্ৰদান কৰা হয়।

গুৱাহাটী উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত প্ৰবীন সাংবাদিক হাইদৰ হুছেইন, শিক্ষাবিদ ড° দয়ানন্দ পাঠক, কথাশিল্পী ডাঃ শুভ্ৰকিংকৰ গোস্বামী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখনীয় যে পেছাত নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল কন্দৰ্প কুমাৰ দাসে ইতিমধ্যে মা, ববচা বনৰ দলিছা আৰু ৰূপালী নিয়ৰ নামৰ তিনিখন কাব্যপুথি প্ৰকাশ কৰিছে। আন এখন গল্পপুথি প্ৰকাশৰ পথত।

সাহিত্য সেৱাৰ লগতে সামাজিক কাম কাজৰ লগতো জড়িত কন্দৰ্প কুমাৰ দাসে একক প্ৰচেষ্টাৰে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত এখন চালে চকুৰোৱা ফুলনি বাগিচা আৰু চক্ৰ বাটচ'ৰা গঢ়ি তুলিছে।