নলবাৰী

নলবাৰীত শস্য বীমা সপ্তাহ

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনি প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ অধীনত পঞ্চম শস্য বীমা সপ্তাহ নলবাৰী প্ৰতিটো ব্লক আৰু গাঁও পঞ্চায়তত এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হৈ আছে । কৃষকসকলে নিজৰ উৎপাদিত শস্যৰ নিৰাপত্তাৰ স্বাৰ্থত শস্য বীমা কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰে।

বৃহস্পতিবাৰে ষষ্ঠ দিনা বৰভাগ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ বহুল প্ৰচাৰ তথা আঁচনিৰ খনৰ সফল ৰূপায়নৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত জিলা ন'ডেল বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মাই শস্য বীমা কৰিলে কৃষক সকলে কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে বিষদভাৱে অৱগত কৰে।

উল্লেখ্য যে অহা ৭ জুলাইলৈ নলবাৰী জিলাৰ আটাইকেইখন গাঁও পঞ্চায়তত সজাগতা সভা তথা বীমাকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি জনায়। আজিও এই সজাগতা সভাত অঞ্চলটোৰ বহু কৃষকে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আঁচনিৰ প্র পত্ৰ পূৰণ কৰি শস্য বীমাৰ প্রতি আগ্ৰহ প্ৰকাশ কৰে।

এই সজাগতা সভাত কৃষি উন্নয়ন ৰাজ কুমাৰ গোস্বামী, খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তী,জিলা মিডিয়া বিশেষজ্ঞ ৰুনজুন দাস, কৃষি পৰিদৰ্শক ডিপুল কলিতা,ৰিলায়েন্স জেনেৰেল ইন্সুৰেন্স কোম্পানীৰ বিষয়া, চালাচৰৰ বিষয়ববীয়া আৰু বিভাগীয় বিষয়ববীয়া সকলৰ লগতে প্ৰায় শতাধিক কৃষকে অংশগ্ৰহণ কৰে।