দৌলাশালত বিৰিণা গোষ্ঠীৰ সাহিত্য আলাপত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ...

দৌলাশালত বিৰিণা গোষ্ঠীৰ সাহিত্য আলাপত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ...

author-image
Asomiya Pratidin
New Update
দৌলাশালত বিৰিণা গোষ্ঠীৰ সাহিত্য আলাপত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ...

দৌলাশালত বিৰিণা গোষ্ঠীৰ সাহিত্য আলাপত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ...

ডিজিটেল সংবাদ দৌলাশালঃ নলবাৰী জিলাৰ দৌলাশালত শনিবাৰে বিয়লি অনুষ্ঠিত হয় সাহিত্য- সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী‌, অসমৰ অক্টোবৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টিৰাজিৰ আধাৰত বক্তৃতা অনুষ্ঠান। গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সহকাৰী সম্পাদক সুৰজিৎ পাঠকে।

বিৰিণা গোষ্ঠীৰ আন এগৰাকী সহকাৰী সম্পাদক জয়ন্ত ডেকাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে গোষ্ঠীটোৰ উপদেষ্টা ভৱেন কুমাৰ কলিতাই। লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গনাৰায়ণ বৰ্মনে আৰু শ্ৰদ্ধাঞ্জলি মুকলি কৰে বিৰিণা গোষ্ঠীৰ বিশেষ প্ৰতিনিধি বাবুল বণিক্যই ।

অনুষ্ঠানটোত জেহেৰুল ইছলাম, ছাহজাহান আলী, চাহনুৰ আলী, চানবৰ আলী, দেৱজিৎ নাথ, পংকজ বৰ্মন, মকিবুল হক, ধৰণী নাথ, ইস্পাকুল চৌধুৰী,মকিবৰ ৰহমান, সমৰজিৎ পাঠককে ধৰি প্ৰায় কুৰিগৰাকী সদস্যই কথা-কবিতাৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটোত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-দৰ্শন, সাহিত্য কৰ্মৰ ওপৰত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰে ৷

নিজৰ বক্তব্যত বিৰিণা গোষ্ঠীৰ উপ-সভাপতি বিশিষ্ট লেখক জিয়াউৰ ৰহমানে অসমীয়া ভাষা সাহিত্যৰ উজ্বল নক্ষত্ৰ লক্ষ্মীনাথ বেজবৰুৱাক সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ অন্যতম বুলি কোৱাৰ লগতে তেখেতৰ অতুলনীয় অৱদান সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় । সভাপতিৰ ভাষণত লীলাধৰ পাঠকে বেজবৰুৱাক অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তা বুলি দোহাৰি বেজবৰুৱাৰ আদৰ্শ নতুনসকলৰ মাজলৈ লৈ যোৱাৰ বাবে সকলো পক্ষক আহ্বান জনায় ৷

সভাপতিৰ ভাষণত নৱেম্বৰ মাহৰ বিৰিণা বৈভৱ অনুষ্ঠান অহা ১৮ নৱেম্বৰত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ মৃত্যু দিনটোত নলবাৰী শংকৰদেৱ অকাডেমিত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰে। উক্ত অনুষ্ঠানত ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰাৰ লগতে গোষ্ঠীটোৰ ক্ষুদ্ৰ কাব্য আলোচনী বীথিকাৰ শৰৎ সংখ্যা উন্মোচন কৰা হ'ব।

উল্লেখ্য যে, বিৰিণা গোষ্ঠী অসমে প্ৰতি বছৰে ৰঘুনাথ চৌধাৰী স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে আৰু উক্ত অনুষ্ঠানতে প্ৰদান কৰি আহিছে ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা । অসম সংগীতেৰে সামৰণি পৰা বিৰিণা বৈভৱ অনুষ্ঠানত নলবাৰী আৰু বৰপেটা জিলাৰ ডেৰকুৰি সদস্য উপস্থিত থাকে ।

Also Read: প্ৰতিষ্ঠা দিৱসত অগপক আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আখ্যা অতুল বৰাৰ...

দৌলাশাল বিৰিণা গোষ্ঠী