নলবাৰী

টিহুৰ জাতীয় বিদ্যালয়ত ডঃ জ্যোতিষ ভাগৱতীক ‘উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা, ২০২৪ খৃষ্টাব্দ’ প্ৰদান

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : টিহুৰ আগশাৰীৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয়ত ৫ ছেপ্টেম্বৰত বিভিন্ন কাৰ্যসূচীৰে মহান দাৰ্শনিক, পণ্ডিত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৬৩ সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাৰ দ্বাৰা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই কাৰ্যসূচীৰ পাতনি মেলা হয়।

ইয়াৰ পাছতে বিদ্যালয়ৰ শিক্ষকবৃন্দই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিৱস উপলক্ষে শিক্ষাৰ্থীসকলে বক্তৃতা প্ৰদান, কবিতা আবৃত্তি, নানা গীতমাত পৰিৱেশন কৰে।  প্ৰধান শিক্ষক ধৰণী ডেকাৰ পৌৰোহিত্যত হোৱা মুকলি সভাত টিহু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ জ্যোতিষ ভাগৱতীক বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক উমাচৰণ শীলৰ স্মৰণত  ‘উমাচৰণ শীল জীৱনজোৰা সাধনা বঁটা, ২০২৪ খৃষ্টাব্দ’ প্ৰদান কৰা হয়।

বঁটা গ্ৰহণ কৰি শিক্ষাব্ৰতীগৰাকীয়ে আনন্দ পোৱা বুলি কৈ ভাষণত কয় যে শিক্ষাতকৈ জ্ঞান অধিক ওপৰত। শিক্ষানুষ্ঠানত শিক্ষাৰ লগতে জ্ঞানো প্ৰদান কৰা হয়। শিক্ষাৰ্থীয়ে শ্ৰদ্ধাশীলভাৱে শিক্ষা গ্ৰহণ কৰিলেহে জ্ঞান লাভ কৰিব পাৰি। শিক্ষকসকল গভীৰ প্ৰেৰণাৰ  উৎস। শিক্ষককতাৰ আনন্দই জীৱনটো সেউজ কৰি তোলে। শিক্ষা গ্ৰহণেৰে ছাত্ৰসকল সফল হ’লে সমাজৰ মংগল হয়। প্ৰকৃত শিক্ষকে ছাত্ৰসকল তেওঁতকৈ ওপৰলৈ যোৱাটো বিচাৰে বুলিও ভাষণত দোহাৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অনন্যা ডেকাই। সভাত টিহু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মাই বিশিষ্ট অতিথি হিচাপে ভাগ লয়।

এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে শিক্ষকসকলক কিতাপ, কলম, বন্দনা-পত্ৰ আদিৰে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে, টিহুৰ নিকটৱৰ্তী জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষক দিৱস পালন কৰা হয়।

এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষক কন্দৰ্প শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক কুনাল শৰ্মাই সভাক উদ্দেশ্য ব্যাখ্যা কৰে। সভাত শিক্ষাৰ্থীসকলে বক্তৃতা প্ৰদানৰ লগতে নানা গীত-মাত পৰিৱেশন কৰে।