নলবাৰী

মুকালমুৱাৰ মেধিপাৰাত গণেশ পূজা উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,নলবাৰী : বিগত বছৰসমূহৰ দৰে এইবছৰো নলবাৰী জিলাৰ মুকালমুৱাৰ মেধিপাৰাত গণেশ চতুৰ্থী পালন কৰা হয়। ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মেধিপাৰৰ দুৰ্গা মন্দিৰ চৌহদত মংলবাৰে গণেশ পূজা পালন কৰা হয়।

মেধিপাৰ গণেশ পূজা উদযাপন সমিতিৰ উদ্যোগত আয়োজন কৰা আদি পূজ্য শ্ৰীগণেশৰ শ্ৰীচৰণত পুৱাৰে পৰা আধ্যাত্মিক কাৰ্যসূচীৰে তথা ফুল-নৈবদ্য আদিৰে গণেশ পূজা ভাগ উদযাপন কৰা হয় ৷ উল্লেখ্য যে, পুৱা গণেশ পূজাৰ পতাকা উত্তোলন কৰে ৰমনী মোহন চৌধুৰীয়ে ৷

বন্তি প্ৰজ্বলন কৰে নিৰঞ্জন তালুকদাৰে,দুৰ্গা মন্দিৰ চৌহদত গছপুলি ৰোপণ কৰে শৰৎ মেধিয়ে ৷ দুপৰীয়া পুৰোহিত পল্লৱ শৰ্মাৰ মন্ত্ৰোচ্ছাৰণেৰে গণেশ পূজাৰ আৰম্ভনি হয়। মেধিপাৰা, বৰুৱাপুটা, সাপকাতা ইত্যাদি অঞ্চলৰ সহস্ৰাধিক লোকৰ সমাগত হোমযজ্ঞৰে গণেশ পূজা উদযাপন হয় ৷

বিয়লি গণেশ পূজাৰ লগত সংগতি ৰাখি আতচবাজী প্ৰদৰ্শন কৰা হয় ৷ তাৰ পিছতে নাগাৰা নাম দলৰ প্ৰখ্যাত পাঠক ৰামচৰণ ভড়ালী আৰু জনপ্ৰিয় পাঠক ৰূপেন ডেকাৰ নাম পৰিৱেশ কৰে ৷