নলবাৰী

মিৰ্জাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক বিপুল সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক সোমবাৰে মিৰ্জাত বিপুল সম্বৰ্ধনা জনোৱা হয় । হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশেৰে বিশ্ব অভিলেখ আৰু দৃষ্টিহীন লোকৰ বাবে এক নতুন দুৱাৰ খুলি দিছিল বৰুৱাই । অসমীয়া ভাষাৰ প্ৰথমখন অভিধানৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশেৰে অসমীয়া ভাষাৰো অন্য এক মাত্ৰাৰ প্ৰদান কৰিলে ।

কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নাগৰিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এই বিশেষ অভিনন্দন অনুষ্ঠান। দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত ‘সাদিন-প্রতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৩০টাৰো অধিক দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে।

সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে জয়ন্ত বৰুৱাই মহাবিদ্যালয়ৰ চৌহদত এটি গছপুলি ৰোপন কৰে । ইয়াৰ পিছতেই তেওঁ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ।

উক্ত সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত জয়ন্ত বৰুৱাই কয় যে, "ব্ৰিটিছৰ দিনত ভাষা ৰক্ষাৰ বাবে অসমীয়াই সংগ্ৰাম কৰিছিল । ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন এই ত্ৰিমূৰ্তিয়ে অসমত বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰিছিল । এই বৌদ্ধিক আন্দোলনৰ ফলস্বৰূপে অসমত অসমীয়া ভাষাটো ঘূৰি আহিছিল । এই ভাষাটোক স্বীকৃতি প্ৰদান কৰিবৰ বাবে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ব্যাকৰণ আৰু অসমীয়া অভিধানেৰে অসমীয়া ভাষাটোক নতুন জীৱন দান দি গ'ল ।"

লগতে হেমকোষৰ ব্ৰেইল প্ৰকাশ কৰিবলৈ গৈ আমি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলো । অভিধানখন প্ৰকাশৰ বাবে যি ছফ্টৱেৰ ব্যৱহাৰ কৰা হৈছিল সেই ছফ্টৱেৰত বহু যুক্তাক্ষৰ নাছিল । যাৰ বাবে আমি বিপদত পৰিছিলো । এনে অসুবিধা দূৰ কৰিবৰ বাবে ছফ্টৱেৰটো উন্নত কৰিবলৈ আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ উপৰি অভিধানখনৰ শব্দৰ তালিকাও আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল । সেই অনুসৰিয়েই ছফ্টৱেৰটো উন্নত কৰি পুনৰ প্ৰেৰণ কৰিছিল ।

লগতে তেওঁ কয় যে, "এই ব্ৰেইল অভিধানখনে দৃষ্টিহীন শিক্ষক, শিক্ষাৰ্থীসকলক উপকৃত কৰিব । শুদ্ধ কৈ অসমীয়া ভাষা আহৰণ কৰাৰ ক্ষেত্ৰত দৃষ্টিহীনসকলক সহায় কৰিব । অভিধানখনত মুঠ ২৭ টা খণ্ডৰ ১০২৮৯ পৃষ্ঠাৰ এই ব্ৰেইল অভিধানখনে বিশ্ব দৰবাৰত স্বীকৃতি পালে ।"

ইফালে এই অনুষ্ঠানতে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ সন্দৰ্ভত বৰুৱাই কয়, "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ চৰ্তুথ প্ৰজন্ম হিচাপে আমি হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কামো হাতত লৈছো । ইয়াৰ বাবে বিশিষ্ট ভাষাবিদ ড০ বসন্ত গোস্বামী, ড০ নন্দিনী গোস্বামী, ড০ মালিনী গোস্বামী, ড০ উপেন ৰাভা হাকাচামৰ নেতৃত্বত গঠিত কমিটিয়ে অতি সোনকালে নতুন শব্দ সন্নিবিষ্টৰে পঞ্চদশ সংস্কৰণ কামো সম্পন্ন কৰিব ।

উল্লেখ্য আজিৰ এই সভাতেই ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদি, ৰাজনীতিবিদ, অসমীয়া প্ৰতিদিনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত মনজিৎ মহন্তৰ বিয়োগত জয়ন্ত বৰুৱাই গভীৰ শোক প্ৰকাশ কৰে । লগতে প্ৰয়াত মহন্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ।

এই অনুষ্ঠান উপস্থিত থাকি স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে, "হেমচন্দ্ৰ বৰুৱাৰ সপোনক বাস্তৱ ৰূপ দিলে জয়ন্ত বৰুৱাই । বৃদ্ধি কৰিলে অসমীয়া জাতিৰ সন্মান ।"

এই সম্বৰ্ধনা অনুষ্ঠানৰ শেষত মহাবিদ্যালয়খনৰ সংগ্ৰাহালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিও স্তাপন কৰে । এই সম্বৰ্ধনা অনুষ্ঠানত জয়ন্ত বৰুৱাক সম্বৰ্ধনা জনোৱা দল সংগঠনসমূহৰ নেতৃত্বৰ উপৰিও, সংগঠনসমূহৰ কৰ্মী, মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী, স্থানীয় ৰাইজৰ আদি উপস্থিত থাকে ।