নলবাৰী

জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী CJM আদালতৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ আই পি এছ বিষয়া তথা নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে অনতিপলমে গোচৰ ৰুজুৰ নিৰ্দেশ দিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। নিলম্বিত ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ এক আবেদনৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৭মে'ৰ নিশা ষ্ট্ৰংৰোমত বাকযুদ্ধত লিপ্ত হৈছিল নলবাৰী আয়ুক্ত বৰ্ণালী ডেকা আৰু ALRS অৰ্পণা শৰ্মা। অভিযোগ অনুসৰি বৰ্ণালী ডেকাৰ নিৰ্দেশ মৰ্মে অপৰ্ণা শৰ্মালৈ আক্ৰমণাত্মকভাৱে চোঁচা লৈছিল আয়ুক্ত গৰাকীৰ পি এ য়ে।

উক্ত ঘটনা সন্দৰ্ভত ৮ মে'ত অপৰ্ণা শৰ্মাই সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু উক্ত এজাহাৰৰ সংক্ৰান্তত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আৰক্ষীয়ে। আনহাতে জিলা আয়ুক্ত গৰাকীৰ অভিযোগৰ ভিত্তিত চাকৰিৰ পৰা নিলম্বন কৰে অপৰ্ণা শৰ্মাক। ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত।

সমগ্ৰ ঘটনাক লৈ আৰক্ষী বিষয়াৰ হেমাহি তথা গাফিলতিক নিন্দা কৰা লগতে অতি শীঘ্ৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে নলবাৰী মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায়ে নিজ কৰ্তব্য স্থানত এনেধৰণৰ কাণ্ড কৰি বিতৰ্কৰ সন্মুখীন হৈ আহিছে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা।