নলবাৰী

শ্ৰী শ্ৰী কবিৰ আশ্ৰমৰ ভূমি বেদখলৰ সম্পৰ্কে কাৰ্যকৰী সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ সোমবাৰে নগাঁও জিলাৰ কঠীয়াতলীত শ্ৰী শ্ৰী কবিৰ আশ্ৰম নিৰ্মাণ আৰু ভূমি সংৰক্ষণ সমিতিৰ এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়।কঠীয়াতলীৰ মা মনসা হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে প্ৰৱন পানিকাই ।কবিৰ আশ্ৰমৰ মাটি বেদখল কৰাৰ লগতে সভাখনত হোজাইৰ পূৱ ধনিৰাম পথাৰ আৰু সৰুপথাৰত ভূমি বেদখল কৰাৰ সম্পৰ্কত আলোচনা কৰা হয়।

এই সম্পৰ্কত সভাপতি প্ৰৱন পানিকাই জানিব দিয়া মতে চৰকাৰে ভূমি সংৰক্ষনৰ ক্ষেত্ৰত বহু গুৰুতৰ পদক্ষেপ হাতত লৈছে তেনেসময়তে নামঘৰ , মন্দিৰ , আশ্ৰম অদিৰ মাটি বেদখল কৰি আছে। তেওঁ এই অসাধুলোক সকলক আইনগত ভাৱে শাস্তি প্ৰদান কৰাৰ লগতে মন্দিৰ আশ্ৰম আদি থকা মাটিৰ পট্ৰা প্ৰদাণৰ বাবে দাবী জনায় ।