নলবাৰী

ধুবুৰীৰ বেলতলীত ভাষা শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস পালন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে গতিকে আমাৰ দায়িত্ব বাঢ়িছে- ডঃ উপেন্দ্ৰজিৎ শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : অসম সাহিত্য সভাই ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু হাকামা শাখা সাহিত্য সভাৰ সহযোগ তথা আতিথ্যত বিলাসীপাৰাৰ বেলতলীৰ জ্ঞানালয় জাতীয় বিদ্যালয়ত ৬ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে ভাষা শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস পালন কৰে। লগতে সাহিত্য পাঠেৰে সাহিত্য উৎসৱ উদ্‌যাপন কৰে।

ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদে পৰিচালনা কৰা অনুষ্ঠানত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে হাকামা শাখা সাহিত্য সভাৰ সভাপতি নুৰুদ্দিন আহমেদে। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ চক্ৰৱৰ্তীয়ে।

বন্তি জ্বলায় বিশিষ্ট সমাজকৰ্মী ভাস্কৰ ভট্টাচাৰ্যই। ভাষা শ্বহীদ মোজাম্মিল হকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শাখা সাহিত্য সভাখনৰ কাৰ্যকৰী সভাপতি আলতাপ হুছেইন আহমেদে, বন্তি জ্বলায় হাকামা শাখা সাহিত্য সভাৰ উপ সভাপতি আজাদ সৰকাৰে।

ইয়াৰ পাছত ভাষা শ্বহীদ মোজাম্মিল হকৰ সোঁৱৰণত সাহিত্য উৎসৱ অনুষ্ঠিত হয়। এই অনুষ্ঠানটোৰ আঁত ধৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ আৰু অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক তথা দিছপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অজিতপ্ৰসাদ শৰ্মাই। 

অনুষ্ঠানটি উদ্বোধন কৰে একৰাম ৰছুল আহমেদে ৷ সাহিত্য উৎসৱ অনুষ্ঠানটো সঞ্চালনা কৰে গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতিৰ গৱেষণা বিষয়া ডঃ উমেশ দাসে।

এই অনুষ্ঠানটোত বহু সংখ্যক যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীয়ে স্বৰচিত সাহিত্য পাঠ কৰে। এই অনুষ্ঠান শেষ হোৱাৰ লগে লগে ভাষা শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱসৰ মুকলি সভাখন অনুষ্ঠিত হয়।

সভাখনৰ আৰম্ভণিতে হাকামা শাখা সাহিত্য সভাৰ শিল্পীবৃন্দই শিল্পী ববিতা বণিক্যৰ নেতৃত্বত সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিবেশন কৰা হয়। অনুষ্ঠানটোৰ আৰম্ভণিতে শ্বহীদ মোজাম্মিল হক, ধুবুৰী জিলা সাহিত্য সভাৰ নিষ্ঠাৱান সেৱক, সাহিত্যিক, সমন্বয়ৰ বাৰ্তা বাহক নিখিল কুমাৰ বসুমতাৰী, জাতীয় জীৱনৰ এগৰাকী নিষ্ঠাৱান সেৱক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক ইনামূল হক, সাহিত্যাচাৰ্য, কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্য সমালোচক উপেন্দ্ৰনাথ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা উপ সভাপতি সতীশ চন্দ্ৰ চৌধুৰীদেৱৰ বিয়োগত গভীৰ শোক নিৱেদন কৰি মৌনতা অৱলম্বন কৰা হয়।

সভাৰ উদ্দ্যেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই। উদ্দ্যেশ্য ব্যাখ্যা প্ৰসংগত ডঃ শৰ্মাই কয় যে মোৰ সুৱদি সুৰীয়া ভাষাটো ৰক্ষা কৰাৰ অৰ্থে পোন্ধৰ বছৰীয়া অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা ফুল কুমলীয়া মোজাম্মিল হকে প্ৰাণ আহুতি দিবলগীয়া হ'ল। আজিৰ দিনটোত আমি আমাৰ ভাষাটোক, আমাৰ পৰম্পৰাক ৰক্ষা কৰিবলৈ কি কৰিছোঁ নিজকে প্ৰশ্ন কৰা প্ৰয়োজন। আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে গতিকে আমাৰ দায়িত্ব বাঢ়িছে; আমি পৰিশীলিত ৰূপত ভাষাটোক আগবঢ়াই লৈ যাব লাগিব।

সভাখন উদ্বোধন কৰি সাহিত্য সভাৰ নিষ্ঠাৱান সেৱক, এগৰাকী জ্যেষ্ঠ অধিবক্তা নুৰুল ইছলাম চৌধুৰীয়ে কয় যে মূল সুঁতিৰ অসমীয়াৰ মাজত অসমীয়া ভাষাটোৰ প্ৰতি যি অৱহেলা আৰম্ভ হৈছে; সেই কাৰ্য চিন্তাৰ বিষয়। তেওঁ মোজাম্মিল হকক কেৱল মঙলদৈৰ বুলি নকৈ মোজাম্মিল হকক গুৱাহাটীৰ, শিৱসাগৰৰ, ডিব্ৰুগড়ৰ, ধেমাজিৰ, ধুবুৰীৰ অৰ্থাৎ মোজাম্মিল হক আমাৰ জাতীয় জীৱনৰ এক প্ৰতিবাদী প্ৰৱাহ  বুলি নিজৰ অনুভৱ ব্যক্ত কৰে।

আদৰণি ভাষণ প্ৰদান কৰে হাকামা শাখা সাহিত্য সভাৰ সম্পাদক ধ্ৰুৱ ৰঞ্জন চক্ৰৱৰ্তীয়ে। স্মাৰক বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ -সাহিত্যিক তথা বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাসে।

ভাষণ প্ৰসংগত দাসে মোজাম্মিল হকৰ স্মৃতি সোঁৱৰণৰ লগতে আমাৰ জাতীয় জীৱনৰ দায়বদ্ধতাৰ কথা দোহাৰে। অনুষ্ঠানত ভাষা শ্বহীদগৰাকীৰ লগতে অসমীয়া ভাষাক সময়ৰ গতিত আগবঢ়াই লৈ যোৱা আৰু আমাৰ সামাজিক জীৱনৰ দায়বদ্ধতাৰ কথা দোহাৰে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক সৎৰাম ডেকা, সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, জনজাতীয় ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ ৰাজ্য ভাষা-মাতৃ ভাষা উপ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইন, ধুবুৰী আঞ্চলিক কাৰ্য্যালয়ৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ আদিয়ে।

সভাপতিৰ ভাষণত ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি সুসাহিত্যিক গীতালী বৰুৱাই মোজাম্মিল হকৰ স্মৃতিচাৰণৰ লগতে অসম সাহিত্য সভাৰ মঙলদৈ  অধিৱেশনত ডঃ ভূপেন হাজৰিকাই শ্বহীদ মোজাম্মিল হকক লৈ ৰচনা কৰা গীত এটি পাঠ কৰে। অনুষ্ঠানটোত ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তৰণীকান্ত ৰায়, অসম সাহিত্য সভাৰ কাৰ্য নিৰ্বাহক সদস্য হেৰম্ব কলিতা, বিশিষ্ট কবি অজয় বৰুৱাকে প্ৰমুখ্যে কৰি বিভিন্ন জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ অতিথিবৃন্দ উপস্থিত থাকে।

ধুবুৰী জিলা সাহিত্য সভাৰ হৈ শলাগ জ্ঞাপন কৰে সম্পাদক বিনয় কুমাৰ নাথ আৰু হাকামা শাখা সাহিত্য সভাৰ হৈ আলতাপ হুছেইন আহমেদে। জাতীয় সংগীত পৰিৱেশনেৰে সভা সামৰা হয়। সভাত কোকৰাঝাৰ বিজ্ঞান কলেজৰ অধ্যাপক ডঃ মেহেদি আল কাওচাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক আবুল হুছেইন আহমেদ, সমাজকৰ্মী শ্বাহনাৱাজ হুছেইন, মগৰব আলী, সাহাদত আলী, আল ফাৰুক ছিদ্দিক, জ্ঞানালয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ফইজুল হক প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷