নলবাৰী

নলবাৰীৰ 'ৰ’দালি' সাহিত্য সভাৰ ‘সাহিত্যৰ এদিন’ কাৰ্যসূচী সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী: ‘‘অসম সাহিত্য সভা অসমীয়াৰ জাতীয় চেতনা আৰু স্বাভিমানৰ সৰ্বোত্তম প্ৰতীক। সেয়ে অসম সাহিত্য সভা বুলিলে জন সাধাৰণৰ অন্তৰতো সভাৰ প্ৰতি মৃদু তানৰ গুঞ্জৰ সৃষ্টি হয়। এনেহেন সভাখনৰ জৰিয়তে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সেৱা কৰিবলৈ সকলোৱে আগুৱাই আহিব লাগে"। ৩ ডিচেম্বৰত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত ৰ’দালি শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত ‘সাহিত্যৰ এদিন’ কাৰ্যসূচীত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত এইদৰে মন্তব্য আগবঢ়ায়।

এই উপলক্ষে ২ নম্বৰ দেহৰ কালাকুছি প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত পৌৰোহিত্য কৰে ৰ’দালি শাখা সাহিত্য সভাৰ সভাপতি ৰমেশ কুমাৰ হালৈয়ে। শাখাখনৰ সম্পাদক উৎপল দাসে অনুষ্ঠানটো আয়োজনৰ লক্ষ্য, উদ্দেশ্য ব্যাখ্যা কৰে।

‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক সমবেত গীতেৰে আৰম্ভ হোৱা সভাখনৰ আদিতে কিছুদিন পূৰ্বে দেহাৱসান হোৱা শাখাখনৰ সদস্য আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য উপায়ৰাম বৰ্মনলৈ শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট মৌন প্ৰাৰ্থনাৰে শোক প্ৰকাশ কৰি প্ৰস্তাৱ লোৱ হয়।

অনুষ্ঠানত বাপুৰাম তালুকদাৰ, ঘনকান্ত বৰ্মন, নাৰায়ণ দাস, আমিৰুদ্দিন আহমেদ, মহেন্দ্ৰ হালৈ মোহন হালৈ, পীতাম্বৰ দাস, অভিৰাম বৰ্মন, মানসজ্যোতি শৰ্মা, অৰুণ কুমাৰ শৰ্মা, সত্যেন্দ্ৰ চক্ৰৱৰ্তী, ফটিক বৰ্মন, বিপিন ডেকা, পুলক কুমাৰ শৰ্মা, সুৱল ডেকা, ধনেশ্বৰ দাস প্ৰমুখ্যে কেইবাগৰাকী সাহিত্যানুৰাগী লোকে সাহিত্য পাঠ, সাহিত্যালোচনা কৰাৰ লগতে সভাখনক অধিক গতিশীল কৰাৰ বাবে মূল্যৱান পৰামৰ্শ আগবঢ়ায়।

এই অনুষ্ঠানত মাৰ্চ মাহত ‘ৰ’দালি’ নামেৰে শাখাখনৰ আলোচনী এখন প্ৰকাশৰো দিহা কৰা হয়। শাখা সভাখনে ইতিমধ্যে এশগৰাকী আজীৱন সভ্য ভৰ্তি কৰাৰ হেতু সভাখনক শতদল শাখা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ হাতত আনুষ্ঠানিকভাৱে আৱেদনসহ নথি-তথ্য প্ৰদান কৰে।