নলবাৰী

নলবাৰীত আৰক্ষীৰ গুলীচালনা: আহত মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত হামিদ আলী

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰীৰ মুকালমুৱাত শনিবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নলবাৰীৰ মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত এজন ডকাইতলৈ আৰক্ষীৰ গুলীচালনা। মুকালমুৱাৰ ডকাইটি কাণ্ডৰ লগত জড়িত মুকালমুৱাৰ বুল্লুটপাৰৰ হামিদ আলীয়ে নিশা আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে।

জানিব পৰা মতে ধৃত ডকাইত হামিদ আলীক লগত লৈ আৰক্ষীয়ে নলবাৰীৰ মুকালমুৱাৰ চকীৰঘাটত অভিযান চলাব যাওঁতেই পলায়নৰ চেষ্টা চলাইছিল হামিদ আলীয়ে। আৰক্ষীয়ে অধিক তদন্তৰ খাতিৰত এইপৰ্যন্তলৈ কোনো কথা সংবাদ মাধ্যমত সদৰী কৰা নাই।

উল্লেখযোগ্য যে নলবাৰী আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে চলাইছে মুকালমুৱাৰ দমদমা পথাৰৰ ডকাইটিৰ কাণ্ডৰ লগত জড়িত আন আন ডকাইতৰ অভিযান। জানিব পৰা মতে গুলীবৃদ্ধ ডকাইতটোক চিকিৎসাৰ বাবে জিএমচিএইছ লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে নলবাৰীৰ মুকালমুৱাৰ ৰাজপথত সন্ধিয়াতে ডকাইতি চলাই চাঞ্চল্যৰ সৃষ্টি কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে মুকালমুৱা আৰক্ষী ।