নলবাৰী

ঘোগাত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ৰঘুনাথ চৌধাৰী স্মৃতি দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰী : ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ উদ্যোগত আৰু বদনী আখিয়া নৱজ্যোতি ক্লাৱৰ সহযোগত নলবাৰী জিলা সাহিত্য সভাই ১৮ নবেম্বৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কবিৰত্ন তথা বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস পালন কৰে। ঘোগা-বদনী- আখিয়া- লাওতোলা চমুকৈ জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজিত এই দিৱসৰ মুকলি সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে।

সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে ৰঘুনাথ চৌধাৰীদেৱৰ জীৱন কৰ্ম আৰু সাহিত্যিক অৱদানৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভা আয়োজনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰি ব্যাখ্যা কৰে।

অনুষ্ঠানৰ আঁত ধৰে ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ সম্পাদক নয়নজ্যোতি মেধি আৰু উপ সভাপতি মোহন কলিতাই। ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা এই সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, ৰামধেনু উপ সমিতৰ আহ্বায়ক অজিতপ্ৰসাদ শৰ্মা, শৰৎচন্দ্ৰ গোস্বামী ভাষা-সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মা আৰু অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক ৰজনীকান্ত ডেকাই আমন্ত্ৰিত অতিথি হিচাপে ভাগ লয়।

সভাত হাফিজুল ইছলাম সম্পাদিত ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ দ্বিবাৰ্ষিক আলোচনী ‘পূৰ্বজ্যোতি’ আৰু হীৰকজ্যোতি মেধি ৰচিত ‘নৱ প্ৰজন্মৰ অনুভৱ’ নামৰ এখন পুথি উন্মোচন কৰা হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে।

সভাত ভাৱনা কলিতা, অংশুমিতা কলিতা, ইৰফান আলী, নাহিদ নয়ন, নাজিয়া হাচানে গীত আৰু কুশল হালৈয়ে কবিতা আবৃত্তি পৰিৱেশন কৰে। সভাৰ পূৰ্বে অসম সাহিত্য সভাৰ ‘ৰামধেনু’ উপ সমিতিৰ উদ্যোগত আয়োজিত ৰামধেনু অনুষ্ঠানত স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় ১৫০ গৰাকী শিক্ষাৰ্থীয়ে বিভিন্ন গীত-মাত,নৃত্য পৰিৱেশন কৰে।

এই অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক মস্তোফা আলীয়ে। এই অনুষ্ঠানত ভাগ লোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰমাণপত্ৰ দিয়া হয়। ইফালে পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইন শইকীয়াই ৷

নৱজ্যোতি ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ৰূপা আলীয়ে ৷ জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নজুৰুদ্দিন আহমেদে ৷

ছহিদ তৰ্পণ কৰে চাহাবুদ্দিন আহমেদে ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলায় দীনেশ চন্দ্ৰ কলিতাই আৰু মাল্যাৰ্পণ কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কৌস্তৱ ৰয়ে ৷ স্মৃতিতৰ্পণ কৰে ক্ৰমে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মন আৰু বৰক্ষেত্ৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হকে ৷ বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে ক্ৰমে বলেন মহন্ত, ডাঃ চাহনেৱাজ হুছেইন, চাধুল্লা আলী শইকীয়া, ৰিজুমা বেগম, চাহজাহান আলী, আবুল আজিম শইকীয়া, চফিকুৰ ৰহমান, মজিবৰ ৰহমান, ৰহিমুদ্দিন আহমেদ, অকন আলী আৰু কাছিম আলীয়ে।

ইয়াৰ পাছতে ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন উপলক্ষে সম্পন্ন বিষয় বাছনি সভাখন উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। সভাত আগত কাৰ্যকালৰ বাবে ৰচিদ আহমেদক সভাপতি আৰু নয়নজ্যোতি মেধিক সম্পাদক হিচাপে লৈ ৰঘুনাথ চৌধাৰী সাহিত্য সভাৰ নতুন সমিতি এখন গঠন কৰা হয়।