'সাৰথি' হাস্পতালত মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি... 
নলবাৰী

'সাৰথি' হাস্পতালত মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত আজি সৃষ্টি হয় এক উত্তেজনামূলক পৰিস্থিতি। অভিযোগ অনুসৰি নলবাৰীৰ সাৰথি নামৰ ব্যক্তিগত চিকিৎসালয়খনত ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মুখত পৰে এগৰাকী মহিলা।

দেওবাৰে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক। ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মুখত পৰা এই মহিলাগৰাকীৰ নাম কিৰণ প্ৰভা দাস।

নিহত কিৰণ প্ৰভা দাসৰ ঘৰ বেলশৰত। আনহাতে নিহত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি নিশা তেওঁলোকক হাস্পতাল কৰ্তৃপক্ষই দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও মহিলাগৰাকীৰ কোনো চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল।