নলবাৰী

নলবাৰী জিলাত শ্ৰীশ্ৰীমহা শিৱৰাত্ৰী পূজাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, বাঁহজানীঃ নলবাৰী জিলাৰ বাঁহজানীৰ তিলানা গাঁৱত অৱস্থিত নবীন চন্দ্ৰ তামুলী কৃষি পামৰ শিৱ মন্দিৰত অহা ৮ মাৰ্চত শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে নবীন চন্দ্ৰ তামুলী কৃষি পামত এখন সংবাদ মেল আয়োজন কৰে সোণালী বৰ্ষ উদযাপন সমিতিয়ে।

প্ৰয়াত নবীন চন্দ্ৰ তামুলীৰ পৰিয়াল বৰ্গৰ হৈ বিশিষ্ট সমাজকৰ্মী তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি গনেশ তামুলী, সম্পাদক সুনীল কুমাৰ দাস আৰু সহ:সম্পাদক তপন মজুমদাৰে শিৱৰাত্ৰী পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকক অৱগত কৰে। অহা ৮ মাৰ্চত এদিনিয়াকৈ অনুষ্ঠিত হ'ব লগা শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী অনুসৰি সেইদিনা ৰাতিপুৱা মুখ্য ধৰ্মধ্বজা উত্তোলন কৰিব বিল্বেশ্বৰ দেৱালয়ৰ প্ৰধান দলৈ ৰঞ্জিত মিশ্ৰই।

উত্তোলন পিছতে ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পঞ্চাশখন ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। ৰাতিপুৱা ১০ বজাৰ পৰা নৃত্য প্ৰতিযোগিতা, দিনৰ ১১ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিশিষ্ট অতিথি হিচাপে থাকিব ক্ৰমে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, বাকসা জিলা আয়ুক্ত কৃষ্ণা বৰুৱা আৰু শিক্ষাবিদ তথা অৱসৰী অধ্যক্ষ ডঃ বীৰেন কুমাৰ চক্ৰৱৰ্তী।

সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা শিল্পী ডঃ অনিমা চৌধুৰী, মনিষা হাজৰিকা, জে পি দাস, গীতালী কাকতি সহঃ আমন্ত্ৰিত শিল্পীসকলে গীত পৰিবেশন কৰিব। দিনৰ ২ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই। স্মৃতিগ্ৰন্থ উন্মোচনী সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব 'অসমীয়া প্ৰতিদিন'ৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।

ইফালে একক নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ নবীন চন্দ্ৰ তামুলী সোঁৱৰণী চুড়ান্ত বঁটা আৰু নগদ ৫০০১ টকা, দ্বিতীয় ৰশ্মিবালা তামুলী সোঁৱৰণী চূড়ান্ত বঁটা আৰু নগদ ৩০০১ টকা, তৃতীয় সতীশ চন্দ্ৰ তামুলী সোঁৱৰণী চূড়ান্ত বঁটা আৰু নগদ ২০০১ টকা প্ৰদান কৰা হ'ব। সিদিনা নিশা থিয়নাম আৰু নাগাৰা নাম অনুষ্ঠিত হ'ব। দেওবাৰৰ এই সংবাদ মেলৰ জৰিয়তে উক্ত কাৰ্যসূচীত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে।