নলবাৰী

"ভাল মানুহৰ মৃত্যু নাই, সমাজে নাপাহৰে তেনে ব্যক্তিসত্তাক"...

Asomiya Pratidin

ডিজিটেল সংবাদ, নলবাৰীঃ বিশিষ্ট নাট্যকাৰ, গীতিকাৰ প্ৰয়াত প্ৰহাস কুমাৰ ভট্টাচাৰ্যক সোঁৱৰি বৃহস্পতিবাৰে অগ্ৰনী সামাজিক সাংস্কৃতিক দল সংগঠন আৰু অসম নাট্য সন্মিলন, খাটা-বতাহগিলা শাখা সমিতিৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মাই উপস্থিত থাকি কয় যে, "জাতিৰ আৰু দেশৰ মংগল কাৰ্য কৰা মানুহ চিৰ নমস্য । মৃত্যুৰ পিছতো সমাজে নাপাহৰে তেনে ব্যক্তিক কিয়নো ভাল মানুহৰ মৃত্যু নাই ।"

আজি আদ্যশ্ৰাদ্ধ উপলক্ষে আয়োজন কৰা সোঁৱৰণী সভাত উপস্থিত থাকি শৰ্মাই আকৌ কয় যে, "মানুহ জীৱনৰ ক্ষুদ্ৰ অংশ মাথোঁ। জীৱন সময়ৰ ক্ষুদ্ৰ অনু,পৰমাণু। সময়ৰ প্ৰতিটো কথা বা ঘটনা এটা সমগ্ৰৰ অংশ মাত্ৰ। সেয়ে সময়ৰ সদ্ ব্যৱহাৰ কৰি সমাজে ভাল পোৱা কাম কৰিব লাগে।"

গীতিকাৰ বিভূ দত্তই সঞ্চালনা কৰা সভাখনত বিশিষ্ট শিক্ষাব্ৰতী, গীতিকাৰ অনুকূল শৰ্মাই কয় মানুহে দৈৱিক, আসুৰিক আৰু মানৱীয় চেতনাৰে জন্ম লাভ কৰে। প্ৰহাস কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল দৈৱিক শক্তিৰে ।

কাৰণ তেওঁ আছিল সজ, নম্ৰ আৰু যথাৰ্থ ভদ্ৰলোক। অধ্যাপক ফণীধৰ ডেকাই কয়, এক অসাধাৰণ প্ৰতিভাৰ মৃত্যু হ'ল। কবি, নাট্যকাৰ অজিত মহন্তই ভট্টাচাৰ্যই উচ্চতৰ মাধ্যমিকত নলবাৰী কলেজৰ পৰা স্থান লাভ কৰাৰ কথা সোঁৱৰণ কৰে। যুৱ নেতা দিগন্ত মিশ্ৰ আৰু নাট্যকৰ্মী ধ্ৰুৱ বৰ্মনে আঁত ধৰা তথা উদ্দেশ্যে বাখ্যা কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, শিক্ষাব্ৰতী সহধৰ্মিণী ডঃ সঞ্জীৱ গোস্বামী, ডঃ ৰঞ্জনা ভট্টাচাৰ্য, শিল্পী খচনুৰ আহমেদ, অলকেশ বৰুৱা, ব্ৰজেন ডেকা আদিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত প্ৰয়াত ভট্টাচাৰ্য ৰচিত গীত পৰিৱেশন কৰে শিল্পী অনিল বৰকটকীয়ে। ইয়াৰ আগেয়ে প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে কৰবী ভট্টাচাৰ্যই ।