অসম

জামুগুৰিহাটত নমো নৱ ভোটদাতা সন্মিলন

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাঁপুজী ভৱনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে নদুৱাৰ সমষ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত নমো নৱ ভোটদাতা সন্মিলন নামেৰে এক বিশেষ সভা অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ প্ৰায় ছয় শতাধিক নতুন ভোটাৰক লৈ অনুষ্ঠিত এই সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে যুৱ শক্তিক একত্ৰিত কৰি ভাৰত ৰাষ্ট্ৰৰ তথা নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধি কৰাৰ আহ্বান জনাই ৷ ভাৰত ৰাষ্ট্ৰ নিৰ্মানত যুৱ শক্তিৰ অৰিহনাই মূখ্য ভূমিকা লয় বুলিও মন্তব্য কৰে বিধায়ক পদ্মই ৷ সভাত সমষ্টিটোৰ অন্তৰ্গত উত্তৰ,দক্ষিণ নদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ ছয় শতাধিক নতুন কৈ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷