অসম

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ  সাংস্কৃতিক মহা সংগ্ৰাম  নামৰূপত  বুমেৰাঙত পৰিণত

Asomiya Pratidin

ডিজিটেল সংবাদ,নামৰূপঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ জন কল্যানমুখী  পদক্ষেপৰ ভিতৰত বৰ্তমান সমগ্ৰ অসমৰ চুকে কোনে অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাসংগ্ৰামো এক। চৰকাৰৰ এই পদক্ষেপে গাঁৱে ভূঁঞে  সোমাই থকা প্ৰতিভাক চিনাক্ত কৰি এখন  সবল মঞ্চ দিয়াই নহয় ইয়াৰ যোগেদি অসমৰ সহস্ৰাধিক সংস্কৃতিক কৰ্মী তথা বাদ্য  সংগতকাৰীও আৰ্থিক ভাৱে উপকৃত কৰিছে ।

  উক্ত বিস্তৃত কাৰ্যসূচী অসম চৰকাৰৰ সংস্কৃতিক বিভাগ আৰু সংশ্লিষ্ট বিভাগে অতি শৃংখলিত ভাবে  ৰূপায়ন কৰিছে যদিও  নামৰূপ পৌৰসভাৰ অন্তৰ্গত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফলাফলৰ সন্দৰ্ভত ক্ৰমাৎ ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে।  একাংশ প্ৰতিযোগী আৰু অভিভাৱকে  প্ৰতিযোগিতাৰ ফলাফল গ্ৰহণযোগ্য নহয় বুলি সামাজিক মাধ্যমত দাবী  উত্থাপন কৰিছে। 

  উল্লেখযোগ্য যে  ১৮ নৱেম্বৰ শনিবাৰে নামৰূপ পৌৰসভাৰ স্থায়ী প্ৰেক্ষাগৃহত  ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত আদি  বিষয়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।  পঞ্জীয়নৰ সংখ্যা যথেষ্ঠ আছিল যদিও প্ৰতিযোগিতাত প্ৰায় ১৫-১৬ জনহে অংশগ্ৰহণ কৰে।  জানিব পৰা মতে উক্তদিনা নিৰ্ধাৰিত বিচাৰক কেউজন উপস্থিত  হোৱাৰ পূৰ্বেই এগৰাকী  বিচাৰকেই ভূপেন্দ্ৰ  সংগীতৰ প্ৰতিযোগিতা সমাপ্ত কৰে।

ডিব্ৰুগড়ৰ আন দুজন উপস্থিত হোৱাৰ পিছত জ্যোতিসংগীত আৰু বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা  অনুষ্ঠিত হয় বুলি বিচাৰক এগৰাকীয়ে জানিবলৈ দিয়ে । ইফালে প্ৰতিযোগিতাৰ অন্তত ফলাফলৰ তালিকা  নামৰূপ পৌৰসভাৰ হাতত গতাই দিয়ে আৰু লগতে ফলাফল ঘোষণা কৰিবলৈও অৱগত কৰে বিচাৰক তিনিগকীয়ে।  প্ৰতিযোগিতাৰ  অন্তত  ফলাফল ঘোষণা কৰাটো নিয়ম যদিও উক্ত দিনা ফলাফল ঘোষণা নকৰাত ইয়াক লৈ একাংশই  সামাজিক মাধ্যমত ব্যাপক  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ।

ৰাইজৰ তীব্ৰ চৰ্চাৰ অন্তত ১৯  নৱেম্বৰ দেওবাৰে ফলাফলৰ তালিকাখন পৌৰসভাৰ কাৰ্যলয়ৰ  পকী দেৱালত লগাই থ'লে যদিও  তাত নাছিল বিচাৰক সকলৰ স্বাক্ষৰ। অভিভাৱক সকলে উক্ত তালিকা খন গ্ৰহণযোগ্য নহয় বুলিও অভিযোগ উত্থাপন কৰিলে।  আশ্বৰ্যকৰ যে  নামৰূপ পৌৰসভাৰ সভাপতিৰ স্বাক্ষৰ থকা উক্ত তালিকা খনত আছে ব্যাপক খেলিমেলি। 

লক্ষণীয় যে প্ৰতিযোগিতাৰ বাবে চৰকাৰে   বয়স অনুসৰি শাখা নিৰ্ধাৰণ কৰি দিছিল যদিও উক্ত তালিকাত একে গৰাকী প্ৰতিযোগীকে খ শাখটো  নিৰ্বাচিত হৈছে আৰু গ শাখাটো নিৰ্বাচিত হোৱা পৰিলক্ষিত হৈছে ।  এনে বোৰ বিসংগতি প্ৰত্যক্ষ কৰাৰ পিছত  উক্ত তালিকাখন  যে  ভুল আৰু অবৈধ তাক স্পষ্টকৈ  প্ৰমাণ কৰিলে। ইফালে বিচাৰকক এই বিষয়ে সোধাত উক্ত তালিকা খন  বিচাৰক সকলে দিয়া  তালিকা খন নহয় বুলি স্পষ্ট কৰে।

সম্প্ৰতি  আসোঁৱাহ পূৰ্ণ তালিকা খন সমাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ  হোৱাৰ লগতে  বহুজনে বিৰূপ মন্তব্য প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে। এনেবোৰ বিতৰ্ক উখপন হোৱাৰ পিছত ডিব্ৰুগড়ৰ এগৰাকী বিচাৰকে প্ৰয়োজন সাপেক্ষ প্ৰতিযোগিতাখন পুনৰ সম্পন্ন কৰা হব বুলিও  কঠোৰ ভাবে কয়। এই সন্দৰ্ভত ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ বিষয়া   খণ্ড বিকাশ অধিকাৰী ,নগৰীয়া  স্থানীয় সংস্থা বিষয়াই কি পদক্ষেপ লয় ইয়ো লক্ষণীয় হ'ব।