অসম

চিৰাঙৰ বিজনীত ৫১৫ সংখ্যক মহাৰাজ নৰনাৰায়ণ দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বিজনী মহকুমা সমিতিৰ উদ্যোগত শনিবাৰ দিনা বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ত ৫১৫ সংখ্যক মহাৰাজ নৰনাৰায়ণ দিৱস উদযাপন কৰা হয় ।

পুৱা আক্ৰাছুৰ পতাকা উত্তোলন কৰে বিজনী মহকুমা আক্ৰাছুৰ সভাপতি মনোজ কুমাৰ ৰায়ে, কোচ-ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰে অম্বিকা ৰায়ে, চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক গোপাল ৰায় আৰু সাংস্কৃতিক পতাকা উত্তোলন কৰে বিজনী মহকুমা আক্ৰাছুৰ সাংস্কৃতিক সম্পাদক দীপক কুমাৰ ৰায়ে ।

মহাৰাজ নৰনাৰায়ণ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিজনীৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক গৌৰাংগ চন্দ্ৰ বৰ্মনে । ঐতিহাসিক বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই । পাছত শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে বিজনীৰ শ্বহীদ পৰিয়ালৰ সদস্য অজিত কুমাৰ ৰায়ে ।