অসম

ঘৰ সোমাব লওতেই তীব্ৰবেগী বাহনৰ খুন্দা, নিহত পত্নী, আহত স্বামী

Asomiya Pratidin

ডিজিটেল সংবাদ, নাৰায়নপুৰঃ নাৰায়ণপুৰৰ বেলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা । নিজ গৃহৰ সন্মুখতে তীব্ৰবেগী মাৰুতি ৱাগন আৰে মহটিয়াই নিলে বাইক আৰোহী দম্পতীক। ঘৰ সোমাব লওঁতেই একে দিশৰ পৰা অহা ৱাগন আৰ খনে মহটিয়াই নিয়ে বাইকসহ স্বামী-স্ত্ৰীক ।

বাইক আৰোহী স্বামী সত্যেন্দ্ৰ বৰুৱা গুৰুতৰ ভাবে আহত হোৱাৰ বিপৰীতে পত্নী সপোনজ্যোতি বৰুৱাৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । গুৰুতৰভাবে আহত সত্যেন্দ্ৰ বৰুৱাক লখিমপুৰ চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ । WAGONR খনৰ নম্বৰ AS 23 Y 1307 আৰু হিৰ’ গ্লে’মাৰ বাইকখনৰ নম্বৰ AS O7 M 3701 । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।