অসম

উৰিয়ামঘাটত ১০লক্ষাধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাট : ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ৩নং দয়ালপুৰৰ এগৰাকী মহিলাৰ পৰা দেওবাৰে পুৱা প্ৰায় ৭-৩৫ বজাত ধনশিৰিৰ আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১০ লাখৰো অধিক হ'ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খৱৰৰ ভিত্তিত আজি পুৱতি নিশাৰ পৰাই উক্ত গাঁওখনত অভিযান আৰম্ভ কৰে। পুৱা প্ৰায় ৭-৩০ বজাত গাঁৱখনৰ ৰহিমা খাতুন (৪৪) নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা ২৪টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত প্ৰায় ২৬৯.৯৪ গ্ৰাম ওজনৰ সন্দেহজনক হেৰ'ইনখিনি আৰক্ষীয়ে জব্দ কৰে।

প্ৰাথমিক জেৰাৰ অন্তত ৰহিমা খাতুনৰ লগতে তেখেতৰ জোঁৱায়েক তথা বিদ্যাপুৰৰ বাসিন্দা শাহা আলি (২৮)ক আৰক্ষীয়ে নিজৰ জিম্মাত লয়। লগতে ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত আন তিনিজন লোককো আটক কৰে। ইতিমধ্যে আৰক্ষীয়ে উৰিয়ামঘাট থানাত এটি গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।