ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন... 
অসম

ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ৰঙিয়া: ডাঃ বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত প্ৰতিবৰ্ষতে সমগ্ৰ ৰাষ্ট্ৰজুৰি অনুষ্ঠিত কৰি অহা চিকিৎসক দিৱস উপলক্ষে সোমবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তো বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ১৮৮২ চনৰ পহিলা জুলাইত জন্মগ্ৰহণ কৰাৰ লগতে একেটা দিনতে ১৯৬২ চনত মৃত্যু বৰণ কৰা প্ৰবাদ প্ৰতীম চিকিৎসকগৰাকীৰ স্মৃতিত ৰূপায়িত কাৰ্যসূচী উপলক্ষে পুৱাৰ ভাগত কেক কাটি কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে চিকিৎসালয়খনৰ উপ- অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই ।

ইয়াৰ পিছতে স্বাস্থ্যকৰ্মী অমূল্য বৈশ্যই আঁত ধৰা মুকলি সভাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ পদ্মেশ্বৰ কলিতা, চিকিৎসক ডাঃ পাপৰী দাসৰ লগতে ৰচিদা বেগম, ননী কলিতা, ৰীণা পাঠক, ডিম্বেশ্বৰ ঠাকুৰীয়াই ভাষণ ৰাখে। ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা তথা গুৰুত্ব সন্দৰ্ভত বক্তাসকলে আলোকপাত কৰে।

দিৱসৰ লগত সংগতি ৰাখি সহকাৰী মেট্ৰন ৰচিদা বেগমক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই চিকিৎসালয় কৰ্তৃপক্ষই। ইফালে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ মুখ্য প্ৰৱন্ধক জি কে সিং আৰু উপ প্ৰৱন্ধক সাগৰ ৰয়েও অংশগ্ৰহণ কৰে।

চিকিৎসক দিৱস উপলক্ষে জ্যেষ্ঠ বেংক বিষয়াদ্বয়ে চিকিৎসালয়খনত কৰ্মৰত চিকিৎসকবৃন্দক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ফুলাম গামোচা, গ্ৰন্থ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।