অসম

গোলাঘাট জিলাত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়াস্থ ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰালৰ সৌজন্যত ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

আহ্বায়ক সমিতিয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে যে নৱম,দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ মাধ্যম অসমীয়া আৰু ২০০০ শব্দৰ ভিতৰত ৰচনা হ'ব লাগিব। মাৰ্চ মাহৰ দ্বিতীয় পষেকত বঁটা প্ৰদান কৰা হ'ব। ৰচনাৰ বিষয় ʼ ছাত্ৰ-ছাত্ৰীৰ গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টিত গ্ৰাম্য পুথিভঁৰালৰ ভূমিকাʼ।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাৰ বিবেচিত ৰচনা সংকলন হিচাপে প্ৰকাশ কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীয়ে অহা মাৰ্চ মাহৰ ১০ তাৰিখৰ ভিতৰত ৰচনা সমূহ যতিন কাকতি,মুখ্য আয়োজক,ৰচনা প্ৰতিযোগিতা , ঘনকান্ত শইকীয়া আৰু তিলেশ্বৰী শইকীয়া সোঁৱৰণী পুথিভঁৰাল, বৰদিহিঙীয়া গাঁও,ডাক -কমাৰগাঁও, জিলা - গোলাঘাট,অসম,পিন -৭৮৫৬১৯ ঠিকনাত ৰচনা প্ৰেৰণ কৰিব পাৰিব।

সৰ্বশেষ জানিবৰ বাবে ৯৫০১১২৫১২৭/ ৯৪৩৫৬১৫৮৩৯ /৯৮৫৪৩৮৪৯৬১ নম্বৰত যোগাযাগ কৰিব পাৰিব। প্ৰতিযোগিতালৈ পঠোৱা ৰচনা শিক্ষানুষ্ঠানৰ মুৰব্বীৰ দ্বাৰা অনুমোদন হ'ব লাগিব। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে ৫০০০টকা, দ্বিতীয়ক ৪০০০টকা আৰু তৃতীয়ক ৩০০০ টকাৰ নগদ ধনৰ লগতে আন পুৰস্কাৰ প্ৰদান কৰা হ'ব।