অসম

নতুন বিধানসভাৰ ভিতৰত উজ্বলিল বড়ো কৃষ্টি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উদ্বোধন হ'ল অসম বিধানসভাৰ নৱ নিৰ্মিত ভৱন। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰে এই নতুন ভৱনটো। অত্যাধুনিক সা-সুবিধাৰে এই ভৱনটো নিৰ্মাণত ব্যয় হৈছে প্ৰায় ৩৫১ কোটিটকা।

গণতন্ত্ৰৰ এই মন্দিৰত এতিয়া নৱ শংখধ্বনি। ভৱনটোৰ ভিতৰভাগত বড়ো বস্ত্ৰকলাৰ পয়োভৰ মন কৰিবলগীয়া। এই ভৱন উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছিল।

ভৱনটো উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰে। ভৱন উদ্বোধনৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে অনুষ্ঠিত কৰিছিল বাথৌ পূজা।

লক্ষণীয় যে, আটোম টোকাৰীকৈ সজা এই ভৱনটোৰ আৰ্হিও সুকীয়া। অৱশ্যে বড়ো জনগোষ্ঠীৰ সমান্তৰালভাৱে ৰাজ্যৰ আন জাতি-জনগোষ্ঠীৰ সভ্যতা, সংস্কৃতি প্ৰতিফলিত হোৱাকৈ কিছু ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কিছু কিছুৱে।

বিধানসভা এক নিৰপেক্ষ ক্ষেত্ৰ আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰে সমান অধিকাৰ আছে। আগন্তুক দিনবোৰত সেই দৃষ্টিৰে অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱনটো আৰু অধিক অৰ্থবহ হৈ পৰিব বুলি আশা কৰা হৈছে।

বিধানসভাত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলক বড়ো ভাষা শিকাৰ ব্যৱস্থা কৰা হৈছে। এয়া এক ইতিবাচক পদক্ষেপ। সমান্তৰালভাৱে আন জাতি জনগোষ্ঠীৰ ভাষাৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহনৰো দাবী উঠিছে।

বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কোনো নিৰ্দিষ্ট জাতিক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰে। তাতে অসমক জনগোষ্ঠীয় ৰাজ্যৰ ঘোষণা কৰাৰ দাবী উত্থাপিত হৈ আহিছে।

জাতি-জনগোষ্ঠীসকলে স্ব-অধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সংগ্ৰাম অব্যাহত ৰাখিছে। ইয়াৰ প্ৰতিফলন অসম বিধানসভাত পৰিস্ফুত হ'লে জাতি জনগোষ্ঠীৰ বাবেও যাব এক সু বাৰ্তা। সেয়েহে ইয়াক সীমাবদ্ধ কৰি নাৰাখি বিস্তাৰিত ৰূপত সৰ্ব গ্ৰহণযোগ্যৰূপে এক গণতান্ত্ৰৰ মন্দিৰ হিচাপে প্ৰতিষ্ঠা কৰাত উচিত পদক্ষেপ লোৱাতো বাঞ্চনীয়।