ধুৱাঁগুৰি- বেলগুৰি সত্ৰৰ অৱস্থান আৰু অৱস্থিতিক লৈ সৃষ্টি নতুন বিতৰ্কৰ... 
অসম

ধুৱাঁগুৰি- বেলগুৰি সত্ৰৰ অৱস্থান আৰু অৱস্থিতিক লৈ সৃষ্টি নতুন বিতৰ্কৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ বিজেপিৰ শাসনকালত মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক লৈও চলিছে কুটিল ৰাজনীতি। ১৬ শতিকাতে ঐতিহাসিকভাৱে তথ্যসমৃদ্ধ মহাপুৰুষ দুজনাৰ মণিকাঞ্চন সংযোগ ধুৱাঁগুৰি - বেলগুৰি সত্ৰৰ অৱস্থান আৰু অৱস্থিতিক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ।

প্ৰশাসনিকভাৱে মাজুলী জিলাৰ আঁহতগুৰি মৌজা বিচ্ছিন্ন হৈ গোলাঘাট জিলাত চামিলকৰণ হোৱাৰ পিছতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰক কেন্দ্ৰ কৰি মাজুলী সাহিত্য পৰিষদ নামেৰে স্বেচ্ছাসেৱী সংগঠন এটাই অহেতুক বিতৰ্কৰ সৃষ্টি কৰা বুলি দাবী কৰিছে দক্ষিণ আঁহতগুৰিৰ ৰৌমৰা-ধোদাং চাপৰিৰ বাসিন্দা সকলে।

সমষ্টি পুনঃনিৰ্দ্ধাৰণৰ ফলত জিলাসমূহৰ ভৌগলিক মানচিত্ৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ইতিহাস বিজড়িত বহু ঐতিহ্যৰো ঠিকনা সলনি হ'ল। কিন্তু কোনো স্থায়ী স্থাপত্যবিহীনভাৱে বিশ্বাস আৰু ধাৰণাৰে মুখে মুখে প্ৰচলিত হৈ প্ৰবাদৰ ঐতিহ্যক কেন্দ্ৰ কৰি বিভিন্ন মহলত বিভিন্ন বিষয় চৰ্চিত হৈছে।

যোৰহাট জিলা সাংবাদিক সন্থা চমুকৈ আজু'ৰ এক ক্ষেত্ৰভিত্তিক অধ্যয়নকালত পোহৰলৈ আহিছে গোলাঘাট জিলাৰ দক্ষিণ আঁহতগুৰি পঞ্চায়তৰ ধোদাং-ৰৌমৰা অঞ্চলত মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধবদেৱৰ মণিকাঞ্চন সংযোগ ক্ষেত্ৰ আঁহতগুৰি বেলগুৰি সত্ৰৰ অৱস্থিতিক আৰু বিতৰ্কৰ প্ৰসংগ।

অঞ্চলটোৰ ৰাইজে দাবী কৰা অনুসৰি সমষ্টি পুনঃনিৰ্দ্ধাৰণৰ পিছতে মাজুলী জিলাৰ আঁহতগুৰি মৌজাৰ দক্ষিণ আঁহতগুৰি পঞ্চায়তৰ মাত্ৰ ৪ টা ৱাৰ্ড মাজুলী জিলাত থাকি যোৱাৰ বিপৰীতে বাকী সকলোখিনিয়েই গোলাঘাট জিলাত অন্তৰ্ভূক্ত হয়।

প্ৰশাসনিকভাৱে নতুনকৈ গোলাঘাট জিলাত অন্তৰ্ভূক্ত হোৱা লোকসকলে তেওঁলোকৰ ধোদাং চাপৰিতে মহাপুৰুষ দুজনাৰ মণিকাঞ্চন সংযোগ হোৱা বুলি দাবী কৰি অসম চৰকাৰক পৰ্যটনথলীৰূপে গঢ়ি তোলাৰ দাবী জনাইছে। এই উদ্দেশ্যৰে দক্ষিণ আঁহতগুৰিৰ ধোদাং-চাপৰিতে সুবিশাল ভূমিত মণিকাঞ্চন সংযোগৰ চাৰিসত্ৰ স্থাপনৰ প্ৰস্তুতি চলাইছে।

তেওঁলোকৰ মতে দুয়োজনা মহাপুৰুষে আঁহতগুৰিৰ ধোদাং চাপৰিতে এতিয়াও মাধবদেৱে নাওবন্ধা বৰগছজোপা, ৰজাৰ ভয়ত ধুৱাঁহাট-বেলগুৰিৰ পৰা পলাই যোৱাৰ সময়ত এৰি থৈ যোৱা বাদুলীচাকি, মহাপুৰুষৰ পদচিহ্ন থকা শিলালিপি আদি ঐতিহাসিকভাৱে সংৰক্ষিত হৈ থকা বুলি দাবী কৰে।

কিন্তু মাজুলী সাহিত্য পৰিষদ নামৰ স্বেচ্ছাসেৱী সংস্থা এটাই মাজুলী জিলাত থাকি অহা আঁহতগুৰি অঞ্চলহে প্ৰকৃততে মণিকাঞ্চন সংযোগ বুলি একাংশ ৰাইজক উচতনি দিয়াত তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছৰ। তেওঁলোকৰ দাবী ভৌগলিক মানচিত্ৰত প্ৰশাসনিকভাৱে আঁচোৰ পৰিছে, ঐতিহ্যত আঁচোৰ পৰা নাই।