গহপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নিউ স্কলাৰ্ছ একাডেমীৰ সফলতা... 
অসম

গহপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নিউ স্কলাৰ্ছ একাডেমীৰ সফলতা...

Asomiya Pratidin

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ নগৰৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান "নিউ স্কলাৰ্ছ একাডেমী"ৰ আঠগৰাকী শিক্ষাৰ্থীয়ে ৰাজ্যিক পৰ্যায়ৰ এক বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান নামৰ এক বিশেষ কাৰ্যক্ৰমৰ যোগেদি অসমত বৰ্তমান বিজ্ঞান শাখাত অধ্যয়নৰত একাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজৰ পৰা মুঠ ১০০ গৰাকী বিশেষ প্ৰতিভা সম্পন্ন শিক্ষাৰ্থী নিৰ্বাচন কৰি তেওঁলোকক দেশৰ আগশাৰীৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানসমূহত শৈক্ষিক কাৰ্যক্ৰমৰ বাবে চৰকাৰী ব্যয় সাপেক্ষে ভ্ৰমণৰ সুযোগ দিছে।

ইয়াৰ লগতে আগন্তুক এবছৰৰ বাবে এই নিৰ্বাচিত শিক্ষাৰ্থীসকলে বিজ্ঞান, প্ৰযুক্তিবিদ্যা ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান শিক্ষকসকলৰ পৰা অধ্যয়নৰ ক্ষেত্ৰত মাৰ্গদৰ্শন লাভ কৰিব। ইয়াৰ পিছত এই কাৰ্যক্ৰমসমূহত নিৰ্বাচিত ১০০ জন শিক্ষাৰ্থীৰ মাজৰ পৰা শ্ৰেষ্ঠ ৫ গৰাকী শিক্ষাৰ্থীক বিদেশৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰখ্যাত শিক্ষানুষ্ঠানসমূহলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ যোৱা হ'ব।

সেয়েহে অসমৰ বিভিন্ন বিদ্যালয়সমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ পৰা লাভ কৰা আৱেদনৰ মাজৰ পৰা নিৰ্বাচিত ৪৪৩ জন শিক্ষাৰ্থীৰ লিখিত বাঁচনি পৰীক্ষা যোৱা ১৭ ডিচেম্বৰত অসমৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈ যায়। সেই পৰীক্ষাত গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ ১২ গৰাকী শিক্ষাৰ্থী বিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞানৰ বিষয় শিক্ষক নৱদ্বীপ শইকীয়াৰ তত্বাৱধানত অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতাৰে উত্তীৰ্ণ হয়।

লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০০ গৰাকী শিক্ষাৰ্থীৰ মাজত দ্বিতীয় পৰ্যায়ত যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত অনলাইন সাক্ষাৎকাৰ অনুষ্ঠিত হয়। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ সমূহীয়া ফলাফল হিচাপে ১০০ গৰাকী শিক্ষাৰ্থী নিৰ্বাচিত হয়। য'ত নিউ স্কলাৰ্ছ একাডেমীৰ ৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়।

এই বিশেষ সুযোগ লাভ কৰি কৃতীত্ব অৰ্জন কৰা গহপুৰ মহকুমাৰ একমাত্ৰ বিদ্যালয় বুলি পৰিগণিত হয় নিউ স্কলাৰ্ছ একাডেমী। সফলতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে অলংকৃতা সুহাসিনী, দ্বিদেন দৈমাৰী, ৰিতুপ্ৰিয়া শইকীয়া, অনুকম্পা শইকীয়া, প্ৰতীতি শইকীয়া, অংকিত দাস, বাবলি প্ৰধান আৰু নিকুমণি ভূঞা।

বিদ্যালয়খনৰ শিক্ষকসকলৰ দৃঢ় প্ৰচেষ্টাত শিক্ষাৰ্থীসকলে লাভ কৰা এনে সফলতাৰ বাবে গহপুৰ মহকুমাৰ শিক্ষানুৰাগী ৰাইজে যথেষ্ট গৌৰৱবোধ কৰিছে আৰু শিক্ষাৰ্থী - শিক্ষকসকলৰ ভূয়সী প্ৰশংসা কৰিছে। একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই ফলাফলে বিদ্যালয়ৰ সকলো স্তৰৰ শিক্ষাৰ্থীক অনুপ্ৰাণিত কৰিছে বুলি অভিভাৱক মণ্ডলীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে।

ইয়াৰ বাবে বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়ত্ৰী সমন্বিতে অধ্যক্ষ স্বপন কুমাৰ মিত্ৰ, পৰিচালন সঞ্চালক দেৱানন্দ পাতিৰি আৰু তত্বাৱধায়ক শিক্ষক নৱদ্বীপ শইকীয়াক ধন্যবাদৰ পাত্ৰ বুলি ৰাইজে মন্তব্য কৰে। বিদ্যালয়খনৰ পৰিচালন সঞ্চালক দেৱানন্দ পাতিৰিয়ে অসমৰ গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ সন্মুখলৈ এনে এক দূৰদৰ্শী কাৰ্যক্ৰম অনাৰ বাবে অসম চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত যুগান্তকাৰী প্ৰভাৱ পেলাব বুলি অভিহিত কৰিছে।