এন এইছ পি চিত পুনৰ বৃহৎ অঘটনঃ সুৰক্ষা বান্ধ চিঙি পাৱাৰ হাউচত সোমাল পানী... 
অসম

এন এইছ পি চিত পুনৰ বৃহৎ অঘটনঃ সুৰক্ষা বান্ধ চিঙি পাৱাৰ হাউচত সোমাল পানী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বৃহৎ অঘটন। সোৱণশিৰি নদীৰ জল পৃষ্ঠ বৃদ্ধি পাই বিপদসীমাৰ বহু ওপৰেদি বাগৰাৰ ফলতে জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ দায়িত্বত থকা এন এইছ পি চিয়ে ৬ খনকৈ গেট মুকলি কৰি দিয়ে।

ফলত বান্ধৰৰ ওপৰৰ পৰা নামি অহা সাগৰ সদৃশ পানীৰ ঢৌৱে প্ৰকল্পটোৰ সুৰক্ষা বান্ধ ভাঙি নিয়ে। আজি দিনৰ ২-৫৫ বজাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে সোৱণশিৰিৰ পানী সোমাল গৈ জলবিদ্যুৎ প্ৰকল্পটোৰ পাৱাৰ হাউচত।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও প্ৰকল্পটোত কেইবাবাৰো গাৰ্ড ৱাল খহি বিপদ নমাই আনিছিল। গাৰ্ড ৱাল খহি পৰাৰ ফলত পূৰ্বেও পাৱাৰ হাউচত সোমাইছিল পানী। এইবাৰ গাৰ্ড ৱালৰ বিপৰীতে খহিছে প্ৰকল্পটোৰে সুৰক্ষা বান্ধ।

গতিকে পূৰ্বতকৈ এইবাৰ বিপদ আৰু অধিক বুলি নিশ্চিত হৈছে। ইফালে পূৰ্বে পাৱাৰ হাউচত পানী সোমোৱাৰ পাছত জোৰা-টাপলি মাৰি পুনৰ নিৰ্মাণ কৰাত প্ৰায় ২ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। অহা খৰালিত বান্ধটোৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে প্ৰস্তুতি চলাইছিল যদিও এতিয়া এন এইছ পি চিৰ সেই আশা পূৰণ কিমানদূৰ হয় সেয়া লক্ষ্যণীয় হ'ব।

উল্লেখ্য যে, প্ৰতি মুহূৰ্ততে এটাৰ পিছত এটাকৈ বিপদৰ সন্মুখীন হোৱা এন এইছ পি চিৰ এই বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা ৰাজ্যজুৰি হৈছিল। তাৰ পাছতো স্থানীয় বিশেষজ্ঞক নস্যাৎ কৰি এন এইছ পি চিয়ে অতি বিপদজনক ভাৱে নিৰ্মাণ কৰা এই প্ৰকল্পই সন্মুখীন হৈ অহা প্ৰত্যাহ্বানে আগন্তুক সময়ত যে আৰু ভয়ংকৰ পৰস্থিতিৰ সূচনা কৰিব তাৰেই ইংগিত বাৰে বাৰে প্ৰদান কৰি আহিছে।