অসম

ৰঙিয়াত প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতানুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : কল্যাণকামী ৰাষ্ট্ৰত অকল চৰকাৰৰ দায়িত্বই নহয়, নাগৰিকৰো দায়িত্ব আছে। ব্যক্তিগত স্বাধীনতাই সভ্যতা নিৰ্ধাৰণ কৰে, আমি অধিকাৰৰ কথা কোৱাত পাকৈত, মৌলিক কৰ্তব্যৰ কথা আমি নাভাবো।

আমি ৰাষ্ট্ৰৰ কথা এৰি আন ৰাষ্ট্ৰৰ কথা উদাহৰণ দিয়াত বিশেষ গুৰুত্ব আৰোপ কৰা প্ৰৱণতা ঘাইকৈ বেছি।‌ আচলতে আমি কোনো নিয়ম সঠিকমতে পালন নকৰোঁ।- এইদৰে কয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে।‌

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত দেওবাৰে আবেলি ৪-০০ বজাত অনুষ্ঠিত হোৱা কামৰূপ জিলাৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ স্মাৰক বক্তৃতানুষ্ঠানত বৌদ্ধিক প্ৰমূখগৰাকী উপস্থিত থাকি কেতবোৰ মন্তব্য কৰে। বক্তৃতানুষ্ঠাৰ 'নাগৰিকৰ কৰ্তব্য' শীৰ্ষক আয়োজিত বিষয়ত নাগৰিকসকলৰ দায়িত্বত ৰাষ্ট্ৰীয় চিন্তা-চেতনাকে ধৰি ৰাষ্ট্ৰীয়তা ভাব, বিদেশী সমস্যা, নৈতিকতা তথা আত্মবলিদান দিয়া ব্যক্তিসকলৰ মহান আদিত অভাৱবোধৰ কথা আদিত ভাষণ প্ৰদান কৰে।

লগতে কয়- প্ৰতিগৰাকী নাগৰিকে নিজস্ব কৰ্মৰাজীৰ জৰিয়তে স্বচ্ছতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে। মানুহক এতিয়া গছপুলি ৰোৱাৰ বাবে শিকাব লগা হৈছে, গতিকে কি পৰিস্থিতিৰ সৃষ্টি হবলগাত পৰিছে। আমি যিধৰণে নাগৰিকৰ কৰ্তব্য পালন কৰিব লাগিছিল তেনেদৰে দায়িত্ব পালন কৰা নাই।‌

প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক মৌলিক কৰ্তব্য আৰু দায়িত্বৰ পথ অনুধাৱন কৰিব দিব লাগে। ঠিক তেনেদৰে শিক্ষকসকলো শিক্ষাৰ ক্ষেত্ৰত টিউচনৰ মানসিকতা এৰি বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষা সুক্ষ্মভাৱে দিয়াৰ মনোনিবেশ কৰে। জনতাৰ অনুগ্ৰহত নেতা হব লাগে,নেতাৰ অনুগ্ৰহত জনতা হোৱাটোৱেই নেতাৰ গতি অথবা অহংকাৰী মনোভাৱ প্ৰতিফলিত হৈ ধ্বংস হয় বুলি আৰ এছ এছৰ নেতা গৰাকীয়ে উল্লেখ কৰে।‌

ড° বিচিত্ৰ কলিতাই আদৰণি ভাষণ আগবঢ়োৱা এই স্মাৰক বক্তৃতানুষ্ঠানৰ প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মাৰ শিক্ষা-জীৱন আৰু কৰ্মৰাজিৰ ওপৰত নলবাৰী বিভাগৰ সহকাৰী ভাৰতীৰ সহঃ সংযোজক মুকুল কলিতাই চমু আলোকপাত কৰে।‌ আৰম্ভণিতে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে সমবেত সংগীতেৰে আৰম্ভণি হোৱা বক্তৃতানুষ্ঠানত প্ৰয়াত সংঘচালকগৰাকীৰ আত্মজীৱনী "প্ৰয়াত সংঘচালক নীতিশ চন্দ্ৰ শৰ্মা" নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে কয় যে যাৰ কীৰ্তি থাকে সিয়েই জীয়াই থাকে, এগৰাকী আদৰ্শবান স্বয়ংসেৱক নীতিশ চন্দ্ৰ শৰ্মাৰ কৰ্মৰাজী আছিল সততা, শৈক্ষিক ক্ষেত্ৰতো শিক্ষকতা বৃত্তিত সততা বজাই ৰাখিছিল। সেইবাবে সৎ আত্মজীৱনী এগৰাকী কৰ্মযোগী,সততা আদৰ্শ ব্যক্তিৰ বিৰল তথ্য গ্ৰন্থ প্ৰকাশ পাইছে।

আজিৰ এই বক্তৃতানুষ্ঠান অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তঃ সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, কামৰূপ জিলাৰ সংঘচালক ৰজত ভৰালী, প্ৰয়াত নীতিশ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী ভানু দেৱী, পুত্ৰ হিমাংশু শৰ্মা, প্ৰচাৰক পংকজ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, বিধায়ক ভৱেশ কলিতা,নলবাৰী বিভাগৰ বিভাগ প্ৰচাৰক কেশৱ ভূঞা, পত্ৰ লেখন প্ৰমূখ নয়নজ্যোতি তালুকদাৰকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি, সচেতন ৰাইজ তথা স্বয়ংসেৱকবৃন্দ উপস্থিত থাকে। শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামৰূপ জিলাৰ কাৰ্যবাহ দিগন্ত দাসে উপস্থিত ৰাইজক শলাগৰ শৰাই দিয়ে।