অসম

চিন্তাৰ নাই কাৰণ ! ঘৰলৈ আহিবলৈ দিয়া হ’ল জুবিন গাৰ্গক

Asomiya Pratidin

ডিজিটেল ডেস্ক : এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ সংগীত শিল্পী জুবিন গাৰ্গ। অসমবাসীৰ ৰাইজ আৰু শুভাকাঙ্খীৰ আশীৰ্বাদত সুস্থ হৈ উঠিছে শিল্পীগৰাকী।

সেয়েহে বুধবাৰে তেঁওক নেমকেয়াৰ হাস্পতালৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়া হয়। সংবাদমেলৰ জৰিয়তে জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ডা০ হিতেশ বৰুৱাই।

ডা০ বৰুৱাই কয়- জুবিনক এতিয়া কিছু বিশ্ৰামৰ প্ৰয়োজন। অত্যধিক পৰিশ্ৰম আৰু টোপনি ক্ষতিৰ বাবে অসুস্থ হৈ পৰিছে শিল্পীগৰাকী। সেয়ে এতিয়া তেঁওক কিছু জিৰণিৰ প্ৰয়োজন।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে চিজাৰ ৰোগত আক্ৰান্ত হৈছিল জুবিন গাৰ্গ। দেওবাৰে পুৱাই মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল শিল্পী জুবিন গাৰ্গক।

এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলিছিল জুবিন গাৰ্গৰ চিকিৎসা। স্বাস্থ্যৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত বুধবাৰে তেঁওক ঘৰলৈ আহিবলৈ অনুমতি দিয়ে চিকিৎসকে।

ইয়াৰ পাছতে নেমকেয়াৰ হাস্পতালত এক সংবাদমেল সম্বোধন কৰে জুবিনে। সংবাদমেলত জুবিনৰ উপৰি ডা০ হিতেশ বৰুৱা আৰু ড০ সঞ্জীৱ নাৰায়ণ উপস্থিত থাকে। সংবাদমেলত জুবিন গাৰ্গে জানিবলৈ দিয়ে যে কাইলৈৰ হেনো তেঁও পুনৰ কামত লাগিব।