'No Road No Vote' শ্ল'গানেৰে উত্তপ্ত হোজাই 
অসম

'No Road No Vote' শ্ল'গানেৰে উত্তপ্ত হোজাই

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ ফোপোলা স্বৰূপ। নিৰ্বাচনৰ প্ৰকমূহুৰ্তত No Road No Vote শ্লগানেৰে হোজাই জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই ঘটনা সংঘটিত হৈছে লামডিং ঝুলনপুল ৰ'ডৰ সৰথপল্লিত অঞ্চলত ।

প্ৰথম পৰ্যায় লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী । নিৰ্বাচনৰ সময়তে ভুক্তভোগী ৰাইজে লামডিঙৰ বিধায়ক, পৌৰনেত্ৰী, সংবাদ মাধ্যমকে ধৰি হোজাই জিলাৰ উপায়ুক্তলৈ ভোট বৰ্জন কৰাৰ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে বিগত পাঁচ বছৰতকৈও অধিক সময় পাৰ হৈ যোৱা ঝুলনপুলৰ এই অঞ্চলটোৰ ৰাইজে এটা উন্নত মানৰ পথৰ বাবে হাহাকাৰ কৰি আহিছে ।

পথটো মেৰামতি বাবে ২০১৯ বৰ্ষৰ পৰা স্থানীয় বিধায়ক শিবু মিশ্ৰক কেইবাবাৰো লিখিত ভাৱে আবেদন জনাছিল যদিও বাস্তৱত সেই আবেদন কাৰ্যকৰী নহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । সেই অঞ্চলৰ ৱাৰ্ড মেম্বাৰ গৰাকীয়েও কোনো ধৰণৰ পদক্ষেপ নোলোৱাত উপায়ন্তৰ হৈ অঞ্চলটোৰ লোক সকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি পথ টো মেৰামতি কৰাৰ লগতে এটি কালভাৰ্ত নিৰ্মাণ কৰি তোলে ।

এই লোক সকলৰ দুৰৱস্থাৰ বিষয়ে খবৰ নোলোৱাৰ অভিযোগ তুলি ৰাইজে অৱশেষত সিদ্ধান্ত লৈছে যে যেতিয়া লৈকে এই পথচোৱা উন্নত মানেৰে নিৰ্মাণ নকৰে তেন্তে এইবাৰৰ ভোট বৰ্জন কৰিব । আনফালে নিৰ্বাচনৰ শেষ প্ৰচাৰ চলাবলৈ অহা ১৫ তাৰিখে লামডিং লৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লক্ষণীয় হব এই অঞ্চলটোৰ দৃষ্টি গোচৰ হব নে মুখ্যমন্ত্ৰীৰ??