অসম

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ২০৫ নং কেন্দ্রত নপৰিল এটাও ভোট

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সম্পন্ন হয় লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। অসমত অতি সুকলমে নিৰ্বাচন পাৰ হৈ যায় যদিও কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ২০৫ নং কেন্দ্রত নপৰিল এটাও ভোট।

কেন্দ্রটো আছিল অসম-নাগালেণ্ড সীমান্তৰ য়েহেকো মেম’ৰিয়েল স্কুলত। এই ভোটকেন্দ্রটোত আছিল মুঠ ২৫গৰাকী ভোটাৰ। ইয়াৰে ১৪জন পুৰুষ ভোটাৰ, ১১গৰাকী মহিলা ভোটাৰ। কিন্তু এটাও ভোট নপৰিল এই কেন্দ্ৰটোত। যাৰ বাবে কেন্দ্রটোৰ পৰা খালী EVM লৈ উভতিল বিষয়া-কৰ্মচাৰীসকল।