গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা... 
অসম

গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ গহপুৰঃ ঘোষাণা কৰা হ'ল গহপুৰ জিলা গোৰ্খা সন্মিলনৰ নিৰ্বাচনী ফলাফল। সেই অনুসৰি সভাপতিৰ পদত নিৰ্বাচিত হয় নোমল বাচকোটা। তেওঁ লাভ কৰে ১১৫ টা ভোট।

মুঠ ২৯ টা ভোটাৰ ব্যৱধানত নিৰ্বাচিত হোৱা নোমল বাচকোটাক অভিনন্দন জনাইছে তেওঁৰ শুভাকাংক্ষীসকলে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দি পুষ্প প্ৰধানে লাভ কৰে ৮৬ টা ভোট।পুষ্প প্ৰধান গহপুৰ জিলা গোৰ্খা সন্মিলনৰ দুটাকৈ কাৰ্য্যকালৰ সভাপতি আছিল।এইবাৰো তেওঁ উক্ত পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আনহাতে সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে জয় দাহাল।