অসম

গুৱাহাটী লোকসভা সমষ্টিৰ ২ প্ৰাৰ্থীৰ মনোনয়ন বাতিল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। সোমবাৰে আটাইকেইগৰাকীৰ মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত দুগৰাকী প্ৰাৰ্থী ক্ৰমে ভাৰতীয় নেচনেল জনতা দলৰ নয়ন দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী অৰ্পিতা চৌধুৰীৰ মনোনয়ন পত্ৰ বাতিল কৰে নিৰ্বাচন আয়োগৰ সংশ্লিষ্ট কৰ্তৃপক্ষই।

মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীকেইগৰাকী হ'ল- ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধি, ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰচ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো , নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ। কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়াই সদৰি কৰা মতে মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীসকলৰ কোনোবাই প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে অহা ২২ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব।