উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছ, আপৰ প্ৰাৰ্থী ঘোষণা... 
অসম

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচনঃ বিজেপি, কংগ্ৰেছ, আপৰ প্ৰাৰ্থী ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে বিজেপি, কংগ্ৰেছৰ লগতে আম আদমি পাৰ্টি। এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পার্টি আৰু কংগ্রেছে প্রার্থীৰ তালিকা প্রকাশ কৰাৰ পাছতে আম আদমি পাৰ্টিয়েও তেওঁলোকৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।

এই দুয়োটা দলে পৰিষদখনৰ ২৮খন আসনৰ আটাইকেইখনতে দলীয় প্রার্থী প্ৰক্ষেপ কৰিছে। বিজেপিৰ গুৰুত্বপূৰ্ণ প্রার্থীসকলৰ ভিতৰত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই দিহাঙ্গী সমষ্টিৰ পৰা আৰু অধ্যক্ষ ৰাণু লাংথাছাই চেমখৰ সমষ্টিৰ পৰা প্রার্থীত লাভ কৰিছে।

অলপতে দলটোত যোগদান কৰা মোহিত হোজাই মাইবং পশ্চিম আৰু নিৰঞ্জন হোজাইক হাতীখলি সমষ্টিৰ পৰা প্রার্থীত্ব প্রদান কৰা হৈছে। ইফালে কংগ্রেছৰ গুৰুত্বপূর্ণ প্রার্থীসকলৰ ভিতৰত সমৰজিৎ হাফলংবাৰে ডাওটুহাজা আৰু ধীৰাজ লাংথাছাই মাইবং পশ্চিম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে আম আদমি পাৰ্টিয়েও তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ দ্বাৰা স্বাক্ষৰিত এক ঘোষণা পত্ৰত প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

ইয়াৰোপৰি দলটোৱে ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।দলটোৱে এই নিৰ্বাচনত প্ৰাৰ্থী হ'বলৈ আগ্ৰহীসকলক দলটোৰ নেতৃত্বৰে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে।