নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৬ খন বিশেষ ৰে'ল... 
অসম

নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৬ খন বিশেষ ৰে'ল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সহায়ক হোৱাকৈ উত্তৰ পূব সীমান্ত ৰে'লৱেয়ে ৬ খনকৈ বিশেষ ৰে'ল পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২৮ ছেপ্টেম্বৰৰ নিশা ৮-১০ বজাত আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ চলিব এখন বিশেষ ৰে’ল।

এই ৰে'লখন ২৯ ছেপ্টেম্বৰৰ পুৱা ৪ বজাত কামাখ্যা ষ্টেচনত আহি উপস্থিত হ'ব। এই একেখন ৰে'ল আকৌ ২৯ ছেপ্টেম্বৰৰ বয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতনি যাত্ৰা আৰম্ভ কৰিব।

একেটা দিনৰ সন্ধিয়া ৫ বজাত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী ষ্টেচনলৈ চলিব আন এখন বিশেষ ৰে’ল। এই ৰে'লখন ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত আহি গুৱাহাটী ষ্টেচনত উপস্থিত হ'ব। ৰে'লখন পুনৰ আলিপুৰদুৱাৰলৈ উভতিব ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩-৫০ বজাত।

২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা শিলচৰলৈ চলিব আন এখন বিশেষ ৰে’ল। এই ৰে'লখন শিলচৰত পুৱা ৭-১০ বজাত উপস্থিত হ'ব। পুনৰ একে দিনাই বিয়লি ৩-৩০ বজাত হাইলাকান্দি অভিমুখে ৰাওনা হ'ব।

২৮ ছেপ্টেম্বৰৰ বিয়লি ৩-৩৫ বজাত মৰিয়নিৰ পৰা গুৱাহাটীৰ নাৰেংগী অভিমুখে আহিব পৰীক্ষা বিশেষ আন এখন ৰে’ল। এই ৰে'লখন ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত নাৰেংগীত উপস্থিত হ'ব। সেই দিনাই বিয়লি ৩-৩০ বজাত পুনৰ মৰিয়নিলৈ উভতিব।

২৮ ছেপ্টেম্বৰত নিশা ১২ বজাত আলিপুৰদুৱাৰৰ পৰা নিউ বঙাইগাওঁলৈ চলিব আন এখন বিশেষ ৰে’ল। ২৯ ছেপ্টেম্বৰৰ পুৱা ৬-২০ বজাত ৰে'লখন নিউ বঙাইগাওঁত উপস্থিত হোৱাৰ পিছত সেই দিনাই বিয়লি ৫-৫০ বজাত আলিপুৰদুৱাৰলৈ উভতিব।

ইফালে নগাঁৱৰ হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ ২৮ ছেপ্টেম্বৰৰ বিয়লি ২ বজাত চলিব পৰীক্ষা বিশেষ এখন ৰে'ল। একেদিনাই সন্ধিয়া ৬ বজাত গুৱাহাটীত আহি উপস্থিত হ'ব এই ৰে'লখন। পৰৱৰ্তী দিনা পৰীক্ষা অন্ত পৰাৰ পাছত বিয়লি ৩ বজাত পুনৰ হয়বৰগাঁৱলৈ এই ৰে'লখন উভতিব।