অসম

ভিয়েটনামত নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,হো চি মিন : শুকুৰবাৰৰ পৰা ভিয়েটনামৰ হো চি মিন চহৰত যুগান্তকাৰী আয়োজনেৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আৰম্ভণি হৈছে। দুয়োখন দেশৰ মাজত শৈক্ষিক, সাংস্কৃতিক, ঔদ্যোগিক-বাণিজ্যিক আদান প্ৰদানৰ লক্ষ্যৰে আয়োজিত ফেষ্টিভেলৰ সন্ধিয়াৰ উদ্ধোধনী অনুষ্ঠানত অসম, উত্তৰ-পূব তথা ভিয়েটনামৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

অসমৰ প্ৰসিদ্ধ সত্ৰীয়া শিল্পী মৃদুস্মিতা দাসৰ 'ৰাম বন্দনা' নৃত্যৰে শুভাৰম্ভণি ঘটা সন্ধিয়াটোত ভিয়েটনামৰ ভাৰতীয় ৰাষ্ট্ৰদূত সন্দীপ আৰ্য, বৈদৈশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন,হো চি মিনৰ বাহ্যিক সম্পৰ্ক বিভাগৰ পৰিচালক ট্ৰান ফুঅ'ক আন, হো চি মিনৰ পৰ্যটন সংস্থা, ভিয়েটনামৰ বিভিন্ন প্ৰভিন্সৰ বিভিন্ন বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।

অনুষ্ঠানটোত দুয়োখন দেশৰে বহুকেইগৰাকী বিশিষ্ট উদ্যোগী, বিদ্বৎ সমাজৰ লোক, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, বিভিন্ন প্ৰচাৰ মাধ্যমৰ সম্পাদকসকলো উপস্থিত হয়। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল দুয়োখন দেশৰ সম্পৰ্ক টনকীয়াল কৰাৰ লক্ষ্যৰে আয়োজিত এক ঐতিহাসিক পদক্ষেপ।

ইয়াৰ জৰিয়তে উত্তৰ পূবৰ বাৰে বৰণীয়া সংস্কৃতি, পৰ্যটন, শিক্ষা তথা সমাজ জীৱনৰ বিষয়ে মানুহক জনাবলৈ প্ৰচেষ্টা লোৱা হৈছে। কাইলৈৰ পৰা হো চি মিনৰ বিখ্যাত ছেপ্তেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত এক বৰ্ণাঢ্য প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।

তাত উত্তৰ পূবৰ বিভিন্ন ৰাজ্যসমূহৰ উৎকৃষ্ট সামগ্ৰীসমূহ প্ৰদৰ্শন হ'ব বুলি উদ্যোক্তাই জনায়। বিশেষকৈ কৃষিজাত সামগ্ৰী আৰু বাঁহ-বেতৰ সামগ্ৰীৰ লগতে ৰাজ্যসমূহৰ পৰ্যটনৰ সম্ভাৱনাক আলোকপাত হ'ব।

উত্তৰ পূবৰ বিভিন্ন খাদ্যৰ লগতে ভিয়েটনামৰ খাদ্যৰো বৃহৎ প্ৰদৰ্শনৰ ব্যৱস্থা প্ৰদৰ্শনীৰ অন্যতম আকৰ্ষণ। নৰ্থ ইণ্ডিয়া ফেষ্টিভেলৰ দুয়োটা সন্ধিয়াই আয়োজন কৰা ফেশ্বন শ্ব'ৰ সবাতোকৈ আকৰ্ষণীয় কথা হৈছে ইয়াত উত্তৰ পূবৰ পৰা অহা কেইবাগৰাকী প্ৰসিদ্ধ ডিজাইনাৰে প্ৰস্তুত কৰা বস্ত্ৰ পৰিধান কৰিব ভিয়েটনামৰ মডেলে।

এই প্ৰক্ৰিয়াই দুয়োখন দেশৰ যৌথ সাংস্কৃতিক আদান-প্ৰদানৰ এক প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছে যি হয়তো ভৱিষ্যতে এখন বৃহৎ বজাৰৰ সৃষ্টি কৰিব। সাংস্কৃতিক আদান প্ৰদান আৰু সামগ্ৰিক অনুষ্ঠানটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক্ট ইষ্ট পলিচীৰ আধাৰত কৰা হৈছে।

অনুষ্ঠানত উত্তৰ পূবৰ বহুকেইটা জনপ্ৰিয় মিউজিকেল বেণ্ডৰ লগতে ভিয়েটনামৰ বহুকেইটা প্ৰসিদ্ধ বেণ্ডে অনুষ্ঠান পৰিৱেশন কৰিব। যোৱাবাৰৰ বেংককৰ অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল- নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে বেংককত উত্তৰ পূব ভাৰতৰ প্ৰতি আন্তৰিকতা আৰু উৎসুকতা বৃদ্ধি কৰিছে।

যদিহে ভাৰত,ম্যানমাৰ আৰু থাইলেণ্ড সংলগ্ন ট্ৰাইলেটাৰেল হাইৱেৰ আৰম্ভণি হয় তেন্তে উত্তৰ পূব আৰু থাইলেণ্ডৰ মাজত বিৰামহীন সংযোগ নিশ্চিত। ইয়াৰ দ্বাৰা সমগ্ৰ অঞ্চলটোতে ব্যৱসায়, পৰ্যটন বৃদ্ধি হোৱাৰ উপৰিও পৰম্পৰালৈ এক নতুন শক্তিৰে বলীয়ান হ'ব বুলিও উল্লেখ কৰিছিল। এক্ট ইষ্ট পলিচীক গুৰুত্বসহকাৰে বিবেচনা কৰি দুয়োটা অঞ্চলৰ মাজৰ সাংস্কৃতিক আদান প্ৰদানক গুৰুত্ব দিয়া হৈছে।

নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল উদ্যোগ-বাণিজ্যতে সীমাবদ্ধ হৈ ৰোৱা নাই। কাইলৈ শৈক্ষিক আদান প্ৰদান সন্দৰ্ভত আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকখনত গুৱাহাটী বিশ্ববিদ্যালয়, নেহু বিশ্ববিদ্যালয়কে ধৰি উত্তৰ পূবৰ বহুকেইখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ লগত ভিয়েটনামৰ প্ৰসিদ্ধ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলে অংশ ল'ব। বৈঠকত উত্তৰ পূব আৰু ভিয়েটনামৰ মাজত এক্ট ইষ্ট পলিচিৰ অংশৰূপে শিক্ষাৰ্থী আদান প্ৰদানৰ গুৰুত্বপূৰ্ণ বিষয়টোত আলোচনা হ'ব।

নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ এইবাৰৰ প্ৰধান উদ্দেশ্য বাণিজ্যিক আদান প্ৰদানৰ লগতে শিক্ষা আৰু সাংস্কৃতিক আদান প্ৰদানৰ এক সুস্থিৰ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটোৱা। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই কয়-অনুষ্ঠানটোৰ নাম নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু এই অনুষ্ঠান শৈক্ষিক-বাণিজ্যিক-পৰ্যটন আদান প্ৰদানত উত্তৰ পূবৰ সৰ্ববৃহৎ অনুষ্ঠানলৈ পৰিণত হৈছে। সংস্কৃতি অবিহনে একোয়েই সম্ভৱ নহয়।

আমি দীৰ্ঘসময়জুৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে এক ইষ্ট পলিচীৰ আধাৰত বাস্তৱ ক্ষেত্ৰত কাম কৰিবলৈ প্ৰয়াস কৰি আহিছো। এয়া মাথো আৰম্ভণিহে। আমি ভৱিষ্যতে আৰু বৃহৎভাৱে কাম কৰি যাম। দিল্লীত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মানস সন্তান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। কিন্তু আজিৰ তাৰিখত দেশৰ বাহিৰত ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠানলৈ পৰিণত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল।

ভিয়েটনামত এনে বৃহৎ অনুষ্ঠান পূৰ্বতে কেতিয়াও হোৱা নাছিল বুলি আমাক এইয়াই আমাৰ বৃহৎ উপলব্ধি। কাইলৈ পুৱাৰ ভাগত হ'বলগীয়া ট্যুৰিজিম মীটত প্ৰায় ১০০ জন ট্যুৰ অপাৰেটৰে অংশ ল'ব।

আবেলিৰ অনুষ্ঠান ব্যৱসায় আৰু বিনিয়োগ বৈঠকত ভাৰতৰ পৰা ড'নাৰ মন্ত্ৰণালয়, পৰ্যটন মন্ত্ৰণালয়, ইনভেষ্ট ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন ৰাজ্য চৰকাৰসমূহ যেনে- অৰুণাচল, মেঘালয়, নাগালেণ্ড, মিজোৰাম ইত্যাদিৰ ইণ্ড্ৰাষ্টী, পৰ্যটন, সংস্কৃতি বিভাগৰ জ্যেষ্ঠ সচিবসকল উপস্থিত থাকিব। অসম তথা উত্তৰ পূবৰ পৰা বহুকেইগৰাকী উদ্যোগীৰ অংশগ্ৰহণেৰে এখন ক্ৰেতা বিক্ৰেতা সন্মিলন হ'ব য'ত অসমৰ চাহকে ধৰি উত্তৰ পূবৰ বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শন হ'ব। পৰৱৰ্তী সময়ত এখন পিপুল টু পিপুল এক্সেঞ্জ মীটৰ আয়োজন কৰা হৈছে।

হো চি মিনৰ ভাৰতৰ কনচুল জেনেৰেল ড° মদন মোহন শেঠীয়ে কয়- "নৰ্থ ইষ্ট ফেষ্টিভেলৰ দৰে ব্যতিক্ৰমী পদক্ষেপবোৰে ভিয়েটনামৰ সৈতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সেঁতু গঢ়ি তোলাত সহায় কৰিছে। এই বৃহৎ উৎসৱ ভাৰতৰ হৈ ভিয়েটনামত প্ৰথমটো পদক্ষেপ আৰু ই নিঃসন্দেহে পাৰস্পৰিক শিক্ষণ আৰু সহযোগিতামূলক প্ৰচেষ্টাৰ ক্ষেত্ৰত এক বহুমূলীয়া সুযোগ প্ৰদান কৰিব।"