অসম

পেট্র’ল পাম্প বন্ধ উঠাই ল’লে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে

Asomiya Pratidin

ডিজিটেল ডেস্ক : অইল কোম্পানীসমূহৰ অনৈতিক কাম-কাজত অতিষ্ঠ হৈ ৪৮ঘণ্টীয়া পেট্ৰ'ল পাম্প বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল নেইপডাই। অৱশেষত শুকুৰবাৰে এই বন্ধ উঠাই ল'লে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে।

প্ৰণিধানযোগ্য যে ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিল পুৱা ৫-০০ বজালৈ ৪৮ঘণ্টীয়া পেট্ৰ'ল পাম্প বন্ধ ঘোষণা কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। শুকুৰবাৰে IOCL,HPCL,BPCLৰ সৈতে হোৱা বৈঠকৰ অন্তত সামিয়কভাৱে বন্ধ প্রত্যাহাৰ কৰে নেইপডাই।

নিৰ্বাচনী আচৰণ বিধি বলৱৎ‍ থকাৰ বাবে সাময়িকভাৱে বন্ধ প্রত্যাহাৰ কৰা বুলি উল্লেখ কৰে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে। এক বিবৃতিযোগে ১৫ এপ্রিললৈ সময়সীমা বান্ধি দিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে।