আহি আছে প্ৰতীক হাজেলাঃ এন আৰ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ দাবী... 
অসম

আহি আছে প্ৰতীক হাজেলাঃ এন আৰ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ দাবী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কেলেংকাৰীকলৈ চৰ্চা চলি থকাৰ মাজতে এই কেলেংকাৰীৰ মুখ্য অভিযুক্ত তথা এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা পুনৰ আহিব অসমলৈ। প্ৰতীক হাজেলাৰ অসম আগমণৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে এন আৰ চি কেলেংকাৰীক লৈ সৰৱ হৈ থকা অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ হাজেলাৰ অসম আগমণক আদৰণি জনাইছে।  কিয়নো প্ৰতীক হাজেলাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ দাখিল কৰিছিল এ পি ডব্লিৱে। হাজেলাৰ বিৰুদ্ধে কইবাটাও অভিযোগ দাখিল হৈ আছে কেইবাখনো আৰক্ষী থানাত।

কেৱল সেয়াই নহয় কেগৰ প্ৰতিবেদনটো এন আৰ চিত কেলেংকাৰী হোৱাৰ কথা উল্লেখ আছিল। আই এ এছ বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল হোৱাৰ পিছতো এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

সেয়ে অভিজিত শৰ্মাৰ মতে এতিয়া মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলেই তদন্ত নোহোৱা গোচৰৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব।বল এতিয়া মুখ্যমন্ত্ৰীৰ ক'ৰ্টত।

একেদৰে অখিল গগৈয়ে দাবী কৰিছে এইগৰাকী অভিযুক্ত আই এ এছ বিষয়াক যোগদান কৰাৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগৰ তদন্ত হওক। তদন্ত নিস্পত্তি অবিহনে তেওঁক যোগদানত বাধা আৰোপ কৰিবলৈ দাবী জনাইছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে।

ইফালে কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মতে আকৌ প্ৰতীক হাজেলা কোনোৱে ৰক্ষণা বেক্ষণ দি আছে। উল্লেখ্য যে, ৩ বছৰ পূৰ্বে অসম এৰি মধ্যপ্ৰদেশলৈ ডেপুটেশ্যনত গৈছিল আই এ এছ বিষয়াগৰাকী।