প্ৰতীকি ফটো 
অসম

কালিয়নী চাহ বাগিচাত বন্য হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নুমলীগড়ৰ সমীপৰ ২ নং বুঢ়াগোহাঁইখাটৰ কালিয়নী চাহ বাগিচাত বন্য হাতীৰ আক্ৰমণত এজনৰ কৰুণ মৃত্যু৷ বন্যহস্তীৰ জাক এটাই দীৰ্ঘ দিনৰ পৰা কালিয়নী চাহ বাগিচাত অৱস্থান কৰি আছিল৷ হাতীৰ জাকটো বস্তিত প্ৰবেশ কৰাৰ সময়তে খুদ খাড়িয়া নামৰ লোকজনক আক্ৰমণ কৰে হাতীয়ে৷

গুৰুতৰ ভাবে আহত লোক জনক ইতিমধ্যে স্থানীয়লোকে বকিয়াল বন বিভাগৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যু হয় লোকজনৰ৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে