নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা... 
অসম

নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় আৰক্ষী থানাৰ অধীনস্থ লৱনঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন যুৱক গুৰুতভাৱে আহত হয়।

নুমলীগড়ৰ দিশৰ পৰা গৈ থকা এএছ-০৫এছ-৩৯৮৭ নম্বৰৰ স্প্লেণ্ডাৰ মটৰ চাইকেলখনে বিপৰীত দিশৰ পৰা অহা এছ-০৩ডব্লিউ-৬৬৮২ নম্বৰৰ ব্যক্তিগত বাহন এখনত প্ৰচণ্ড বেগত খুন্দা মাৰে। ইয়াৰ ফলত মটৰ চাইকেলখনৰ আৰোহী এজন গুৰুতভাৱে আহত হয়।

উল্লেখযোগ্য যে মটৰ চাইকেলখনত দুজন আহিছিল যদিও আনজনে কোনো ধৰণৰ আঘাত পোৱা নাই। ইতিমধ্যে আহত যুৱকজনক গাঁওৰক্ষী বাহিনী আৰু স্থানীয় সংবাদসেৱীৰ সহযোগত ততাতৈয়াকৈ ভিকে-এন আৰ এল হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰ কিছু সময়ৰ পিচতে ঘটনাস্থলীত উপস্থিত বাহন দুখন নুমলীগড় আৰক্ষীয়ে জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আহত যুৱকজনৰ ঘৰ লেটেকুজানত বুলি জানিব পৰা গৈছে।