অসম

নুমলীগড় শোধানাগাৰৰ শ্ৰমিক সংঘৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধানাগাৰ শ্ৰমিক সংঘই বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে। নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ লগতে তিনিওখন প্ৰৱেশদ্বাৰ বন্ধ কৰি দ্বাৰ সভাৰে প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে আৰু কৃষক-শ্ৰমিকৰ কল্যাণকামী আচঁনি ৰূপায়ণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষক-শ্ৰমিকৰ উপযুক্ত মজুৰি নিশ্চিত কৰা, ঔষধ, খাদ্য আৰু কৃষি সামগ্ৰীত জি এচ টি মুক্ত কৰা, পেট্ৰলিয়াম সামগ্ৰী আৰু ৰন্ধন গেছৰ আবকাৰী শুল্ক হ্ৰাস কৰা, বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত দ্বাৰ সভাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱাই নুমলীগড় ৰিফাইনেৰী ৱৰ্কাৰ্ছ ইউনিয়নে কেন্দ্ৰীয় চৰকাৰক দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে সকীয়াই দিয়ে৷