অসম

গণ প্ৰতিবাদৰ ভিত্তিত নিলম্বন গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰঠাকুৰক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শিৱসাগৰত সঘনাই হৈ থকা বাইক চুৰিৰ অভিযোগৰ ভিত্তিত যোৱা নিশা গৌৰীসাগৰ আৰক্ষীয়ে চিচি টিভি ফুটেজৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল বাইক চুৰ বাবু গোৱালাক । পুতুল দাস নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ক'লা ৰঙৰ AS 04 H 8430 নম্বৰৰ পালচাৰ বাইক চুৰি হোৱা বুলি দিছিল এই অভিযোগ । তাৰ পাছতেই আটক কৰা হৈছিল বাবু গোৱালাক ।

উল্লেখ্য যে, নিশাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গৌৰীসাগৰ বৰপুখুৰীত দুৰ্ঘটনাক্ৰমে পৰি গৈছিল বাবু গোৱালা । পাছত আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ কৰি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছিল যুৱক জনক কিন্তু পৰৱৰ্তী সময়ত মৃত বুুলি ঘোষণা কৰা চিকিৎসকে ।

এই ঘটনাৰ পাছতেই পুৱাৰে পৰা আৰক্ষী থানাৰ সন্মুখত দেখা যায় উত্তপ্ত পৰিস্থিতিৰ । বাবু গোৱালাৰ পৰিয়ালৰ লোকে যুৱকজনৰ মৃত্যুৰ কাৰণ বিচাৰি উত্তপ্ত কৰে আৰক্ষী থানা । পৰিস্থিতিয়ে বিষম ৰূপ লোৱাত মোতায়েন কৰিব লগীয়া হয় অতিৰিক্ত আৰক্ষী ।

পৰৱৰ্তী সময়ত নিলম্বন কৰা হয় গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰঠাকুৰক আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ দ্বাৰা তদন্তৰ ঘোষণা শিৱসাগৰ আৰক্ষীৰ ।