অসম

হাইলাকান্দিত ৫১লাখ টকাসহ এজন সুদখোৰক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ শিলচৰ: সুতখোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে পুনৰ অভিযান তীব্ৰতৰ কৰিছে। এজন লোকৰ অভিযোগৰ ভিত্তিত লালা থানাৰ আৰক্ষীয়ে এজন অবৈধ সুতখোৰক গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা লালা আব্দুলাপুৰৰ তপন নাথ (৪৮) নামৰ অবৈধ সুতখোৰ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অতিৰিক আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰদীপ্ত বৰুৱাৰ নেতৃত্বত লালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লালহুম পল আৰু আব্দুলাপুৰ পিপিৰ ইনচাৰ্জ সহ আৰক্ষীৰ দল এটাই তপন নাথৰ ঘৰত তালাচী চলাই বুজন পৰিমাণৰ নগদ ধন, লেনদেনৰ বহু আপত্তি জনক সামগ্ৰী জব্দ কৰে।‌

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সুতখোৰ জনৰ ঘৰৰ পৰা নগদ ৫১,২৯,৯০০ টকা জব্দ কৰা হয়।‌তদুপৰি, তিনিখন এ টি এম কাৰ্ড, ছয় খন চেক শ্লিপ, দুখন পাছবুক (SBI/UBI)‌ সহ বহুতো অবৈধ ধন লেনদেনৰ সৈতে জড়িত আপত্তি জনক সামগ্ৰী জব্দ কৰা হয়। তপন নাথৰ বিৰুদ্ধে ঋণ দিয়াৰ নামত সুত হিচাপে লাখ লাখ টকা অবৈধ ভাবে সংগ্ৰহ কৰা বহু অভিযোগ আছে বুলি সদৰি কৰিছে আৰক্ষীৰ সুত্ৰটোৱে। গ্ৰেপ্তাৰৰ পিছত আদালতৰ অনুমতিত তপন নাথক বৰ্তমান লালা থানাত জেৰা কৰি থকা হৈছে। ইফালে, তপন নাথৰ‌ দৰে দুখীয়া লোকৰ তেজ শুহি খোৱা সুতখোৰ জনক গ্ৰেপ্তাৰ কৰাত আৰক্ষীক সাধুবাদ জনাইছে ভুক্তভোগী সকলে। তেওঁক কঠোৰ শাস্তি দিবলৈ ওআৰক্ষী প্ৰশাসনক আহ্বান জনাইছে হাইলাকান্দিৰ ৰাইজে।