অসম

সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে 'কলাগুৰু'ৰ পুত্ৰই, কোন এই গ'ড ফাদাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিষ্ণুৰাভা দিৱসৰ পাছতে 'কলাগুৰু'ৰ পুত্ৰ হেমৰাজ ৰাভাই সামাজিক মাধ্যমযোগে কৰিছে এটা বিশেষ প'ষ্ট। অতীতৰ বিভিন্ন স্পৰ্শকাতৰ ঘটনাৰ উদ্ধৃতি দি ২২ জুনৰ দিনা হেমৰাজ ৰাভই ৭টাকৈ বিস্ফোৰক ঘটনা তেঁওৰ প'ষ্টত উল্লেখ কৰিছে।

নাম নোলোৱাকৈ এগৰাকী 'গ'ড ফাদাৰ'ৰ কথা উল্লেখ কৰি তেঁও সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ এই নিৰ্দিষ্ট প'ষ্টটোৱে এতিয়া বিভিন্ন স্তৰৰ লোকক ভবাই তুলিবলৈ বাধ্য কৰিছে। আচলতে কি আছিল সেই বিশেষ প'ষ্টটো ? কাক উদ্দেশ্যি সামাজিক মাধ্যমত উল্লেখ কৰিছিল কেতবোৰ কথা।

হেমৰাজ ৰাভাই সামাজিক মাধ্যমত উল্লেখ কৰা সেই বিশেষ প'ষ্টটো হুবহু প্ৰকাশ কৰা হ'ল-

  • ১। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত ১৯৮৩ত বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিছিল?

  • ২। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাই বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয়ৰ বাবে তেজপুৰৰ চহৰৰ মাজ মজিয়াত ২বিঘা মাটি চৰকাৰৰ পৰা বিচাৰোতে সেই বিতৰ্কিত ঘৰটোলৈ আঙুলিয়াই তেজপুৰৰ এচাম সাংবাদিকৰ হতুৱাই ভাইৰেল কৰিলে?

  • ৩। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত তেজপুৰ চৰকাৰী বালক বিদ্যালয়ৰ শত বাৰ্ষিকীৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিবলৈ গ'লে বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাক গুৰুলা গুৰুলকৈ মাৰা হ'ব বুলি মোহিনী ৰাভাৰ ঘৰত আহি সাৱধান বাণী শুনাই গৈছিল?

  • ৪। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত মাত্ৰ ৪১৭/-টকা খাজনাৰ বাবে বিষ্ণু ৰাভাৰ ঘৰ পৌৰ সভাই নিলাম কৰিবলৈ আহিছিল?

  • ৫। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ সমাধি নিৰ্মাণত তেজপুৰৰ এচামে বাধা দিছিল?

  • ৬। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত তেতিয়াৰ শোণিতপুৰৰ উপায়ুক্ত স্বৰ্গীয় নৱ চেতিয়াদেৱে বিষ্ণু ৰাভাৰ সমাধিৰ বাবে অনুমোদন জনোৱা ১লাখ টকা বন্ধ কৰিছিল?

  • ৭। কোন সেইজন গ'ড ফাদাৰ যিজনৰ নিৰ্দেশত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই ৰাজহুৱা সভাত তেজপুৰৰ জয়মতী পথাৰৰ কাষত বিষ্ণু ৰাভাৰ নামত সংগ্ৰহালয়ৰ বাবে মাটি আৱণ্টন দি পুনৰ ঘুৰাই ল'লে?

অনুগ্ৰহ কৰি আপুনি স্বইচ্ছাই অসমৰ ৰাইজৰ সন্মুখত আত্মপ্ৰকাশ কৰক। অসমৰ ৰাইজে আপোনাৰ পদজল মূৰত লবলৈ বৰ আশাৰে ৰৈ আছে।আমি আপোনাৰ অধীনত থাকি গৌৰৱ অনুভৱ কৰিছোঁ।

ওপৰোক্ত কথাখিনিৰ পাছতে এতিয়া সেই নিৰ্দিষ্ট 'গ'ডফাদাৰ' সন্দৰ্ভত সামাজিক মাধ্যম তথা সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।