অসম

কি কি বিষয়ৰ আধাৰত আলফা-চৰকাৰৰ শান্তি চুক্তি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : আৰু কিছুসময় পাছতেই অৰ্থাৎ ২৯ ডিচেম্বৰ আবেলি ৫-০০ বজাত স্বাক্ষৰিত হ’ব বহু অপেক্ষাৰত আলফা-চৰকাৰৰ শান্তি চুক্তি। এক দশকজুৰি চলা আলোচনাৰ অন্তত স্বাক্ষৰিত হ’ব লগা এই চুক্তিকলৈ আশাবাদী আলফা নেতৃত্ব আৰু অসমৰ জাতীয়তাবাদী শিবিৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ব লগা ত্ৰিপাক্ষিক চুক্তিখনত মূলতঃ তলৰ বিষয়সমূহকলৈ আলোচনা হৈছিল।

১) ৰাজনৈতিক

২) ভূমি

৩)এন আৰ চি/ অনুপ্ৰৱেশ

৪)নিয়োগ

৫)দক্ষতা বিকাশ

৬)বান আৰু গৰাখহনীয়া

৭)উদ্যোগ

৮)আদ্ৰভূমিৰ উন্নয়ন

৯) এক্ট ইজ পলিচি

১০) কৃষি

১১)শিক্ষা

১২) সংস্কৃতি

১৩) ক্ৰীড়া

১৪) ৰে’লৱে

১৫) পৰ্যটন

১৬) জনগোষ্ঠীয় মৰ্যদা

১৭) পুনঃসংস্থাপন

১৮) কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ উন্নয়ন প্ৰকল্প

১৯) ৰাজ্য চৰকাৰৰ বৃহৎ উন্নয়ন প্ৰকল্প

উল্লেখযোগ্য যে ২০১১ চনত তেতিয়াৰ গৃহমন্ত্ৰী পি চিদাম্বৰমৰ হাতত আলফাই তেওঁলোকৰ দাবী চনদ প্ৰদান কৰিছিল। এই আলোচনাৰ প্ৰথম মধ্যস্থতাকাৰী আছিল-পি চি হালদাৰ। পাছলৈ এই আলোচনা প্ৰক্ৰিয়াত মধ্যস্থতাকাৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল এ কে মাথুৰ আৰু এ কে মিশ্ৰই।

শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে আলফাৰ আলোচনাপন্থী নেতৃত্বই বৰ্তমানৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ সৈতে ২৬ ডিচেম্বৰত আন এক আলোচনাত মিলিত হয়। চুক্তিত স্বাক্ষৰ কৰাৰ পাছতেই নতুন দিল্লীত আলফা নেতৃত্বই চুক্তি সন্দৰ্ভত এক সংবাদমেলৰো আয়োজন কৰিছে। এই সংবাদমেলতে তেওঁলোকে আনুষ্ঠানিকভাৱে শান্তি চুক্তি সন্দৰ্ভত বিষদভাৱে অসৰ ৰাইজক অৱগত কৰিব।