ঘিলামৰা আৰক্ষীৰ জালত এজন অবৈধ স্বামী... 
অসম

ঘিলামৰা আৰক্ষীৰ জালত এজন অবৈধ স্বামী...

Asomiya Pratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যজুৰি অব্যাহত থকা বাল্য বিবাহ বিৰোধী অভিযান ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা, ঘিলামৰা আৰু সোনাৰী চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন  অঞ্চলত অব্যাহত আছে। বৃহস্পতি বাৰে নিশা পৰ্যন্ত  অভিযান চলাই ঢকুৱাখনা সদৰ থানাৰ ২গৰাকী আৰু সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত ৩ গৰাকী বাল্য বিবাহকাৰীসহ মুঠ ৫ গৰাকী অবৈধ স্বামী গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে সন্ধ্যা ঘিলামৰা আৰক্ষীয়ে এগৰাকী এনে অবৈধ স্বামী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী আৰক্ষীৰ দলে ঘিলামৰা ঢাপলিয়াল গাঁওৰ প্ৰয়াত নিত্যা চুতীয়াৰ পুত্ৰ কুল চুতীয়া (২৯) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত কুল চুতীয়াক ঘিলামৰা থানাত ৰখা হৈছে ।

ঢকুৱাখনা সদৰ থানাৰ অচি নৱজ্যোতি ৰয় ,উপ পৰিদর্শক গৌতম দত্ত ,সিদ্ধাৰ্থ নাথ, ঘিলামৰা থানাৰ অচি চন্দন দাস আৰু সোনাৰী চাপৰি আৰক্ষী চকীৰ অচি পুষ্প প্ৰাণ বৰাৰ নেতৃত্বত এই অভিযান অব্যাহত আছে আৰু অচিৰেই অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি জনাইছে।