অসম

ৰঙিয়া মহাবিদ্যালয়ত এদিনীয়া মানসিক স্বাস্থ্য সজাগতা শিবিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়া মহাবিদ্যালয়ত আজি মানসিক স্বাস্থ্য সজাগতা সম্পৰ্কে এক শিবিৰ অনুষ্ঠিত হয় । দিনৰ ১১-১৫ বজাত মহাবিদ্যালয়ৰ প্ৰাংগনত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ইইচিৰ সহযোগত অনুষ্ঠিত হোৱা শিবিৰত ডাউন টাউন বিশ্ববিদ্যালয়ৰ ৩ গৰাকী অধ্যাপকে পৰ্যালোচনা কৰে ।

উল্লেখ্য যে, ডাউন টাউন বিশ্ববিদ্যালয়ৰ ক্লিনিকেল চাইকোলজিষ্ট বন্দনা দেউৰী, অধ্যাপক গীতাৰ্থ কুশৰী আৰু ডেপুটী মেনেজাৰ ৰাহুল ভৰদ্বাজে শিবিৰটি সঞ্চালনা কৰে। শিবিৰত মানসিক স্বাস্থ্য সজাগতা বৃদ্ধি আৰু বিকাশক লৈ অধ্যাপক- অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলৰ মাজত শিবিৰত আলোচনা কৰা হয় ।

দুটা শিতানত অনুষ্ঠিত হোৱা এই মানসিক স্বাস্থ্য সজাগতা শিবিৰত মহাবিদ্যালয়খনৰ ৬৫ গৰাকী অধ্যাপক -অধ্যাপিকা আৰু ১০০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।