অসম

মানকাচৰৰ চোমৰাশালীত পিক আপ ভেনৰ পৰা পৰি এজনৰ মৃত্যু

Asomiya Pratidin
  • মানকাচৰৰ চোমৰাশালীত পিক আপ ভেনৰ পৰা পৰি এজনৰ মৃত্যু।

  • থিতাতে নিহত হোৱা লোকজনক জয়নাল আবেদিন বুলি চিনাক্ত কৰা হৈছে।

  • কোকৰাঝাৰ জিলাৰ সাপকাটা থানা এলেকাৰ অধীনস্থ হাউৰীয়া গাঁৱৰ জেহেদ আলীৰ পুত্ৰ জয়নাল।

  • ব্যৱসায় সূত্ৰে মানকাচৰলৈ আহি পিক আপ ভেনখনত উঠি হাটশিঙিমাৰী অভিমুখে আহি আছিল লোকজন।

  • দ্ৰুতবেগী পিকআপ ভেনৰ পৰা হঠাত পৰি গৈ থিতাতে নিহত হয় তেঁও।

  • পিক আপ ভেনখনৰ নম্বৰ এম এল 0৮ এইচ ৮৩৭০।

  • ইতিমধ্যে কালাপানী আৰক্ষীয়ে পিক আপ ভেন খন জব্দ কৰিছে।

  • লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।