অসম

আৰক্ষীৰ গুলীত নিহত শান্তিচুক্তি সম্পন্ন কৰা এজন DNLAৰ কেডাৰ, আহত কেইবাজনো

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডিমা হাছাওৰ মাইবঙত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা। DNLAৰ কেডাৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। গুলীত নিহত শান্তিচুক্তি সম্পন্ন কৰা এজন DNLAৰ কেডাৰ।

তিনিজনকৈ DNLAৰ কেডাৰ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। খাছমইপুৰ ডেজিগনেটেড কেম্পত সংঘটিত এই ঘটনা। এতিয়াও পোহৰলৈ অহা নাই আৰক্ষীয়ে গুলীচালনা কৰাৰ কাৰণ।

যুদ্ধবিৰতিৰ পিছত অস্ত্ৰবিহীন ডিএনএলএ কেডাৰসকলে শিবিৰত আছিল। জানিব পৰা তাতেই আৰক্ষীৰ এটা দল গৈ কেডাৰসকলক মোবাইল ফোনৰ জৰিয়তে মাতিছিল । তাৰপাছতে গুলী চালনা কৰিছিল।

অস্ত্ৰবিহীন কেডাৰৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাটো কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিৰ উলংঘন বুলি দাবী কৰিছে ডিমা হাচাও জিলা সমিতি, হাফলঙৰ সভাপতি সমৰজিত হাফলঙবাৰে।

এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে সভাপতি গৰাকীয়ে। একে সময়তে চৰকাৰক ঘটনাটোৰ সঠিক তদন্ত আৰম্ভ কৰিবলৈ আৰু অস্ত্ৰবিহীন ডিএনএলএ কেডাৰৰ ওপৰত গুলীচালনা কৰা আৰক্ষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।