অসম

লাহোৱালত অঘটন : পিতৃ-মাতৃ আৰু ভাতৃৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,লাহোৱাল : লাহোৱালৰ বকুল কাঠ গাঁৱত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিজ পিতৃ মাতৃ আৰু ভাতৃ আক্ৰমণত নিহত হ'ল এজন পুত্ৰ।

পুত্ৰজনৰ নাম- হিৰকজ্যোতি দত্ত (২২। ব্লু ডাৰ্টৰ এজন কৰ্মচাৰী আছিল হিৰক। দীৰ্ঘদিনৰ পৰা পুত্ৰ হিৰকে পিতৃ - মাতৃ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আছিল বুলি জানিব পৰা গৈছে।

এনে সময়তে শুকুৰবাৰে নিশা হিৰক শুই থকা অৱস্থাত পৰিকল্পিতভাৱে পৰিয়ালৰ সদস্যসকলে হত্যা কৰে বুলি জানিব পৰা গৈছে। চোকা অস্ত্ৰৰে হিৰকৰ মূৰত আঘাত কৰি হত্যা কৰে পিতৃ-মাতৃ তথা ভাতৃয়ে।

ইতিমধ্যে ঘটনাস্থলীত লাহোৱালৰ আৰক্ষী উপস্থিত হৈছে। হত্যাকাণ্ডৰ ঘটনাৰে অভিযুক্ত মনোজ দত্ত,পল্লৱী দত্ত, আৰু সুমন দত্ত নামৰ তিনি অভিযুক্তক লাহোৱালৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।