অসম

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১) কমনৱেলথ গেমছৰ পৰা বাহিৰ হ'ল লাভলীনা বৰগোঁহাই। প্রতিপক্ষ ৰ'জী ইকলছৰ হাতত পৰাজিত হয় লাভলীনা।

২)২০০ মিটাৰ দৌৰৰ হিটছত সফল হিমা দাসৰ। ছেমিফাইনেললৈ হিমা দাস ।

৩)  যোৱা ২৭ জুলাইৰ পৰা ২৯ জুলাইলৈ দিল্লীত অনুষ্ঠিত হোৱা ছাত্ৰ অলিম্পিক- ২০২২/২৩ প্ৰতিযোগিতাত অসমৰহৈ অংশ গ্ৰহণ কৰি কামৰূপ জিলাৰ বকোৰ দুগৰাকী ঊশ্বু খেলুৱৈয়ে সোণ আৰু ৰূপৰ পদক কঢ়িয়াই আনি গৌৰৱান্বিত কৰিছে।

৪)মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি ৫ বছৰীয়া শিশু । বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।

৫) কমনৱেলথৰ পৰা ভাৰতবাসীৰ বাবে আহিল এটা ভাল খবৰ।ছেমি ফাইনেললৈ প্ৰৱেশ কৰিলে ভাৰতীয় পুৰুষ হকী দল।

৬) অচিৰেই দেশে লাভ কৰিব পৰৱৰ্তী মুখ্য ন্যায়াধীশ।ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই পৰৱৰ্তী চিজেআইৰ বাবে ন্যায়াধীশ উদয় উমেশ ললিতৰ নাম ঘোষণা কৰিছে।

৭)জাপানত চীনৰ মিছাইল আক্ৰমণ।বৃহস্পতিবাৰে জাপানৰ অৰ্থনৈতিক ক্ষেত্ৰত ৫ টাকৈ মিছাইলেৰে আক্ৰমণ কৰিছে চীনে।

৮)  কমনৱেলথ গেমছৰ বেডমিন্টনৰ চিংগলছৰ প্ৰি-কোৱাটাৰ ফাইনেলত সহজ জয় পি.ভি সিন্ধুৰ। 

৯)বৃহস্পতিবাৰে যোৰহাটস্থিত যোৰহাট দৃষ্টিহীন বিদ্যালয় আৰু যোৰহাট বধিৰ বিদ্যালয় পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰীকাই।

১০) জাতিৰ পৰিচয় হেৰুৱাই আমাক আইএএচ বা এচিএচ বিষয়া নালাগে : বড়ো সাহিত্য সভা। তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিজ্ঞান, গণিত বিষয় ইংৰাজী কৰাৰ বিৰোধিতা।

১১)এদল সাংবাদিকৰ অভিনৱ প্ৰয়াস।অসমৰ ইতিহাস প্ৰসিদ্ধ তিৱা ঐতিহাসিক বীৰপূৰুষ জোঙালবলহুৰ জীৱন আধাৰিত নাটক 'জোঙালবলহু' মঞ্চস্থ কৰাৰ প্ৰয়াস এদল সংবাদকৰ্মীৰ।

১২) কমনৱেলথ গেমছত ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। বুধবাৰে বাৰবাডোছৰ দলটিক ১০০ ৰাণত পৰাস্ত কৰে ভাৰতীয় মহিলা দলে। 

১৩) চাকৰিৰ প্রলোভনেৰে টকা আত্মসাৎ কৰা দালাল গ্রেপ্তাৰ।গ্রেপ্তাৰ অমৃত গগৈ নামৰ দুৰ্নীতিগ্রস্ত বিষয়াজনক।

১৪) নগাঁৱত নকল সোণৰ উজান৷ নকল সোণৰে প্ৰবঞ্চনাৰ জাল পেলাবলৈ চেষ্টা কৰা মহিলাসহ এজন পুৰুষ জালত পৰিছে নগাঁও আৰক্ষীৰ৷ 

১৫)বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৷ 

১৬) শিৱসাগৰ নগৰৰ সমীপৰ বগীদ'ল ডিমৌ জানৰ সমীপত পিতৃয়ে সন্তানক বিহ পান কৰোৱা এক কৰুণ ঘটনা সংঘটিত হৈছে । বুধবাৰে নিশা বিহ সেৱন কৰি পিতৃ মৃদুল সন্দিকৈ আৰু ৮ বছৰীয়া পুত্ৰ পিণ্টু সন্দিকৈৰ মৃত্যু মুখত পৰে। আন এজন পুত্ৰৰ অৱস্থা সংকটজনক।

১৭) গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অক্টোবৰৰ ২ তাৰিখে অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত  দ্বিতীয়খন টি-২০ ক্ৰিকেট মেচ। 

১৮) ধেমাজি জিলাৰ জোনাই মহকুমাৰ টাৰি মাজ গাঁৱৰ নিবাসী কিৰণ হাতীমূৰীয়া গগৈ (৪৪) ছবছৰে নিৰুদ্দেশ হৈ আছে। পিতৃক বিচাৰি পুত্ৰ-কন্যাই বিগত ছবছৰে চকুলো টুকিছে।

১৯)জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ জমিউল হুদা মাদ্রাছা উচ্ছেদ।বৃহস্পতিবাৰে পুৱা চলিল এই উচ্ছেদ।

২০) জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত আমগুৰিৰ হাতীমুৰীয়াত উপস্থিত হৈ জাঁজী নদীয়ে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় আৰু কাষৰীয়া অঞ্চলটোক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী প্ৰতিৰোধৰ কামৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।

২১) নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বালিসত্ৰ উষা পুথিভৰাঁল প্ৰাংগণত বৃহস্পতিবাৰে কণ কণ নৃত্যশিল্পীৰ এটি "উৎসাহ প্ৰদান" অনুষ্ঠান অনুষ্ঠিত হয়।

২২) গোলাঘাটৰ চিংফুৰা গাঁৱত ছোৱাইন ফ্লুৰ প্রাদুৰ্ভাৱ।ছোৱাইন ফ্লুৰ আক্রান্ত হৈ ১০টা গাহৰিৰ মৃত্যু।

২৩) গোলাঘাটৰ জোনাকী নগৰ কাবৰু গাঁৱত অঘটন । ঘৰৰ কাষতে থকা পুখুৰীত পৰি সলিল সমাধি দুই ভগ্নীৰ।

২৪) কলিয়াবৰৰ বৰঘূলিত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্রবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী। নিহত লোকজন ৩নং বৰঘূলিৰ আবুল বাছাৰ বুলি চিনাক্ত।

২৫) গোসাঁইগাৱৰ টকেয়ামাৰী পালপাৰাত অঘটন। পানীত পৰি সন্ধানহীন এগৰাকী মহিলা । গুৰুফেলা নদীত গা ধুবলৈ গৈ সন্ধানহীন মহিলাগৰাকী ।